দেশৰ এই ৭ খন ৰাজ্যৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে... | Assam in third place, 7 states where women consume max amount of alcohol; Details in Assamese Assam news - Assam Tv9

তৃতীয় স্থানত অসম ! দেশৰ এই ৭ খন ৰাজ্যৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে…

Updated On: 

22 Sep 2024 19:29 PM

ভাৰতৰত ৭ খন ৰাজ্যৰ মহিলাৰ সৰ্বাধিক মদ্যপান কৰাৰ অভ্যাস আছে । ইয়াৰ ভিতৰত আছে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য । মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা শীৰ্ষ ৭ খন ৰাজ্য চাওঁ আহক...

1 / 8ভাৰতৰত ৭ খন ৰাজ্যৰ মহিলাৰ সৰ্বাধিক মদ্যপান কৰাৰ অভ্যাস আছে । ইয়াৰ ভিতৰত আছে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, ৰাষ্ট্ৰীয় পৰিয়াল জৰীপ-৫, ২০১৯-২০ তথ্যৰ ভিত্তিত মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা শীৰ্ষ ৭ খন ৰাজ্য চাওঁ আহক...

ভাৰতৰত ৭ খন ৰাজ্যৰ মহিলাৰ সৰ্বাধিক মদ্যপান কৰাৰ অভ্যাস আছে । ইয়াৰ ভিতৰত আছে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, ৰাষ্ট্ৰীয় পৰিয়াল জৰীপ-৫, ২০১৯-২০ তথ্যৰ ভিত্তিত মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা শীৰ্ষ ৭ খন ৰাজ্য চাওঁ আহক...

2 / 8

অৰুণাচল প্ৰদেশৰ ১৫ পৰা ৪৯ বছৰ বয়সৰ ২৬ শতাংশ মহিলাৰ মদ্যপান কৰাৰ অভ্যাস আছে । পৰম্পৰাগত নিচাযুক্ত পানীয় প্ৰচলনৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি প্ৰতিবেদন প্ৰকাশ পাইছে ।

3 / 8

ছিকিমৰ ১৬.২ শতাংশ মহিলাই সুৰা সেৱন কৰে, যাৰ বাবে তালিকাৰ দ্বিতীয় স্থানত আছে ছিকিম ।

4 / 8

তালিকাৰ তৃতীয় স্থানত আছে অসম । অসমৰ প্ৰায় ৭.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে ।

5 / 8

তেলেংগানাৰ ৬.৭ শতাংশ মহিলাই সৰ্বাধিক মদ্যপান কৰে । ৰাজ্যখনত চহৰ অঞ্চলৰ মহিলাতকৈ গ্ৰামাঞ্চলৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে ।

6 / 8

ঝাৰখণ্ডত ৬.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে । মানসিক চাপৰ বাবে মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ।

7 / 8

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৫ শতাংশ মহিলাই সুৰা সেৱন কৰে । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে তালিকাৰ শীৰ্ষত থকা একমাত্ৰ কেন্দ্ৰীয় শাসিত ৰাজ্য ।

8 / 8

চত্তিশগড় ৰাজ্যৰ ৫ শতাংশ মহিলাই সুৰা সেৱন কৰে । তালিকাৰ সপ্তম স্থানত থকা এই ৰাজ্যখনৰ মহিলাসকলে মদ্যপান কৰাৰ মূলতে হৈছে-মানসিক চাপ ।

একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
সুস্বাস্থ্যৰ বাবে খাদ্য ৰন্ধনত কেনেকুৱা পাত্ৰ ব্যৱহাৰ কৰিব লাগে? জানক
শীতকালত খালী পেটত চাহ খোৱাটো উচিত নে অনুচিত?
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...