সম্বৰণ কৰিব লাগিব লোভ, ব্যৱসায়ীৰ মূৰত মাধমাৰ; এই ৭ জিলাত নিষিদ্ধ হ’ল গাহৰি মঙহ | Assam Imposes Pork Sale Ban in 7 Districts Amid Surge in African Swine Fever Cases Assam news - Assam Tv9

সম্বৰণ কৰিব লাগিব লোভ, ব্যৱসায়ীৰ মূৰত মাধমাৰ; এই ৭ জিলাত নিষিদ্ধ হ’ল গাহৰি মঙহ

Updated On: 

17 Nov 2025 10:22 AM

আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে দেওবাৰে এক জাননী জাৰি কৰি আন্তঃজিলা গাহৰি সৰবৰাহ নিষিদ্ধ কৰাৰ লগতে ৭ খন জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কোনকেইখন জিলাত গাহৰি মাংস নিষিদ্ধ হ’ব চাওক।

1 / 5শেহতীয়া সময়ছোৱাত গাহৰি মঙহৰ জনপ্ৰিয়তা, বিশেষকৈ যুৱ চামৰ মাজত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মঙহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহু লোকে গাহৰি পালনৰ জৰিয়তে নিজৰ জীৱিকাৰো এক স্বনিৰ্ভৰশীল পন্থা গ্ৰহণ কৰি আহিছে।

শেহতীয়া সময়ছোৱাত গাহৰি মঙহৰ জনপ্ৰিয়তা, বিশেষকৈ যুৱ চামৰ মাজত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মঙহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহু লোকে গাহৰি পালনৰ জৰিয়তে নিজৰ জীৱিকাৰো এক স্বনিৰ্ভৰশীল পন্থা গ্ৰহণ কৰি আহিছে।

2 / 5

পিছে ৰাজ্যৰ ব্যাপকসংখ্যক গাহৰি পালকৰ বাবে এতিয়া বিপৰ্যয়ৰ কাৰণ হৈ পৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ। এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত ৰাজ্যত বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগা হৈছে গাহৰি পালকসকল। ৰোগৰ বিস্তাৰৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এতিয়া গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।

3 / 5

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে দেওবাৰে এক জাননী জাৰি কৰি আন্তঃজিলা গাহৰি সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ ৭ খন জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

4 / 5

সেই অনুসৰি আফ্ৰিকান ছোৱাইন ফিভাৰৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হোৱা ৭ জিলা ক্ৰমে শিৱসাগৰ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, কামৰূপ আৰু দৰঙত গাহৰি মাংস বিক্ৰী নিষিদ্ধ হ’ব। পৰৱৰ্তী আদেশ জাৰি নকৰা পৰ্যন্ত এই নিষেধাজ্ঞা অব্যাহত থাকিব।

5 / 5

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ জয়ন্ত কুমাৰ গোস্বামীয়ে সদৰী কৰা মতে, কেৱল এই বছৰতে আফ্ৰিকান ছোৱাইন ফিভাৰৰ অধিক সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি এইপৰ্যন্ত প্ৰায় ১৪,৫০০ গাহৰি হত্যা কৰা হৈছে আৰু ৩ হাজাৰৰো অধিক গাহৰি এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

চুবুৰীয়াক কেতিয়াও নিদিব পাকঘৰৰ এইসমূহ সামগ্ৰী, অন্যথা বিলাই-বিপত্তি নোহোৱা হ’ব জীৱনৰ
ভুলতো ঘৰত ৰুব নালাগে এইবোৰ গছ, আনিব দুৰ্ভাগ্য!
পথত পোৱা এইসমূহ বস্তুৱে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! কেতিয়াবা পাইছে নেকি আপুনি?
আপোনাৰ গাহৰিৰ পাম আছে নেকি? আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? জানক