মেট্ৰিকত অনুত্তীৰ্ণসকলৰ বাবে ভাল খবৰ! পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ এক উত্তম সুযোগ... | assam hslc compartmental exam date apply all details know in assamese Assam news - Assam Tv9

মেট্ৰিকত অনুত্তীৰ্ণসকলৰ বাবে ভাল খবৰ! পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ এক উত্তম সুযোগ…

Updated On: 

17 Apr 2025 | 05:35 PM

Hslc compartmental exam: মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। কিয়নো শীঘ্ৰেই অনুষ্ঠিত হ'ব কম্পাৰ্টমেন্টেল পৰীক্ষা। শেহতীয়াকৈ শিক্ষা ব'ৰ্ডে এই কথা ঘোষণা কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে কিছুদিন পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণা হৈছিল।

1 / 5হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ ত অনুত্তীৰ্ণসকলৰ বাবে ভাল খবৰ। কিয়নো পৰীক্ষাত অনুত্তীৰ্ণ হোৱাসকলে  দিব পাৰিব পৰীক্ষা। শীঘ্ৰেই শিক্ষা ব'ৰ্ডে অনুষ্ঠিত কৰিব কম্পাৰ্টমেন্টেল পৰীক্ষা।

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ ত অনুত্তীৰ্ণসকলৰ বাবে ভাল খবৰ। কিয়নো পৰীক্ষাত অনুত্তীৰ্ণ হোৱাসকলে দিব পাৰিব পৰীক্ষা। শীঘ্ৰেই শিক্ষা ব'ৰ্ডে অনুষ্ঠিত কৰিব কম্পাৰ্টমেন্টেল পৰীক্ষা।

2 / 5

ASSEB য়ে কৰা ঘোষণা অনুসৰি চলিত শিক্ষা বৰ্ষতে এই পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে যিসকল পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এয়া এক উত্তম সুযোগ।

3 / 5

শিক্ষা বৰ্ডে জাৰি কৰা জাননী অনুসৰি সৰ্বাধিক ৩ টা বিষয়ত পৰীক্ষা দিব পাৰিব শিক্ষাৰ্থীয়ে। ইয়াৰ বাবে তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব। শীঘ্ৰেই ইয়াৰ বাবে নিৰ্দিষ্ট পৰ্টেল মুকলি কৰিব ।

4 / 5

উল্লেখ্য যে, ১১ এপ্ৰিলত ঘোষণা হৈছিল মেট্ৰিকৰ ফলাফল। এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থীৰ সংখ্যা ২,৭০,৪৭২ গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৮৯,০৪১ গৰাকী, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৫,৮৬২ গৰাকী।

5 / 5

লগতে শিক্ষা বোৰ্ডে জাৰি কৰা তথ্য অনুসৰি এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ইয়াৰোপৰি ৪.৩০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...