ৰাজ্যিক কৰ্মচাৰীৰ বাবে সু-খবৰ, পাৰস্পৰিক বদলিৰ আদেশ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে | Assam govt Grade III & IV employees Mutual Transfers Through Swagata Satirtha Portal cm Himanta Biswa Sarma Assam news - Assam Tv9

ৰাজ্যিক কৰ্মচাৰীৰ বাবে সু-খবৰ, পাৰস্পৰিক বদলিৰ আদেশ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

Updated On: 

07 Jun 2025 | 09:06 PM

দিশপুৰত লোক সেৱা ভৱনত কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।'স্বাগত সতীৰ্থ প'ৰ্টেল'ৰ মাধ্যমেৰে পাৰস্পৰিক বুজাবুজিৰে সম্পন্ন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ বদলীকৰণ। ইয়াৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বুজাবুজি বদলিৰ সুবিধা লাভ কৰিব।

1 / 5অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে আন এক সু-খবৰ। আজি দিশপুৰত লোক সেৱা ভৱনত কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে আন এক সু-খবৰ। আজি দিশপুৰত লোক সেৱা ভৱনত কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

2 / 5

'স্বাগত সতীৰ্থ প'ৰ্টেল'ৰ মাধ্যমেৰে পাৰস্পৰিক বুজাবুজিৰে সম্পন্ন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ বদলীকৰণ। ইয়াৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বুজাবুজি বদলিৰ সুবিধা লাভ কৰিব।

3 / 5

প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৯,০০৪গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে হ’ব বদলি। নিকা, দুৰ্নীতিমুক্ত আৰু ডিজিটেল সমাধানৰ কল্পনাৰ আধাৰত ২০২৫ চনৰ ১ জানুৱাৰীত এই প’ৰ্টেল আৰম্ভ কৰিছিল ৰাজ্য চৰকাৰে।

4 / 5

এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, "আজি এটা বুটাম ক্লিকৰ লগে লগে ৯ হাজাৰৰো অধিক প্ৰাৰ্থীৰ এটি পইচাও নিদিয়াকৈ পাৰস্পৰিকভাৱে বদলি সম্পন্ন হ’ল। এই স্বচ্ছতা সকলোতে বিদ্যমান হোৱাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি আজি আকৌ এবাৰ আগবঢ়ালোঁ ।"

5 / 5

এই অনুষ্ঠানতে 'জীৱন অনুপ্ৰেৰণা আঁচনি'ৰ প'ৰ্টেল ৰাইজলৈ উছৰ্গা কৰে মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ অধীনত নিয়োগ প্ৰত্যাশী স্নাতক উত্তীৰ্ণ আৰু গৱেষক শিক্ষার্থীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।

ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...