ৰাজ্যিক কৰ্মচাৰীৰ বাবে সু-খবৰ, পাৰস্পৰিক বদলিৰ আদেশ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে | Assam govt Grade III & IV employees Mutual Transfers Through Swagata Satirtha Portal cm Himanta Biswa Sarma Assam news - Assam Tv9

ৰাজ্যিক কৰ্মচাৰীৰ বাবে সু-খবৰ, পাৰস্পৰিক বদলিৰ আদেশ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

Updated On: 

07 Jun 2025 | 09:06 PM

দিশপুৰত লোক সেৱা ভৱনত কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।'স্বাগত সতীৰ্থ প'ৰ্টেল'ৰ মাধ্যমেৰে পাৰস্পৰিক বুজাবুজিৰে সম্পন্ন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ বদলীকৰণ। ইয়াৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বুজাবুজি বদলিৰ সুবিধা লাভ কৰিব।

1 / 5অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে আন এক সু-খবৰ। আজি দিশপুৰত লোক সেৱা ভৱনত কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে আন এক সু-খবৰ। আজি দিশপুৰত লোক সেৱা ভৱনত কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

2 / 5

'স্বাগত সতীৰ্থ প'ৰ্টেল'ৰ মাধ্যমেৰে পাৰস্পৰিক বুজাবুজিৰে সম্পন্ন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ বদলীকৰণ। ইয়াৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বুজাবুজি বদলিৰ সুবিধা লাভ কৰিব।

3 / 5

প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৯,০০৪গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে হ’ব বদলি। নিকা, দুৰ্নীতিমুক্ত আৰু ডিজিটেল সমাধানৰ কল্পনাৰ আধাৰত ২০২৫ চনৰ ১ জানুৱাৰীত এই প’ৰ্টেল আৰম্ভ কৰিছিল ৰাজ্য চৰকাৰে।

4 / 5

এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, "আজি এটা বুটাম ক্লিকৰ লগে লগে ৯ হাজাৰৰো অধিক প্ৰাৰ্থীৰ এটি পইচাও নিদিয়াকৈ পাৰস্পৰিকভাৱে বদলি সম্পন্ন হ’ল। এই স্বচ্ছতা সকলোতে বিদ্যমান হোৱাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি আজি আকৌ এবাৰ আগবঢ়ালোঁ ।"

5 / 5

এই অনুষ্ঠানতে 'জীৱন অনুপ্ৰেৰণা আঁচনি'ৰ প'ৰ্টেল ৰাইজলৈ উছৰ্গা কৰে মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ অধীনত নিয়োগ প্ৰত্যাশী স্নাতক উত্তীৰ্ণ আৰু গৱেষক শিক্ষার্থীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...