ক্ৰিকেটাৰ উমা চেত্ৰীলৈ অসম চৰকাৰৰ ২৫ লাখ টকাৰ আৰ্থিক অনুদান... | Assam govt Decision 25 lakh to Uma chetry announced Himanta biswa sarma see details in assamese Assam news - Assam Tv9

ক্ৰিকেটাৰ উমা চেত্ৰীলৈ অসম চৰকাৰৰ ২৫ লাখ টকাৰ আৰ্থিক অনুদান…

Published: 

09 Nov 2025 21:12 PM

Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উভতি আহিছে উমা চেত্ৰী। ইয়াৰ পাছতে আজি অসম চৰকাৰে উমা চেত্ৰীলৈ ২৫ লাখ টকাৰ অনুদান ঘোষণা কৰে। কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

1 / 5দেওবাৰ অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ পাছত সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমেলৰ জৰিয়তে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ কেবিনেটত উমা চেত্ৰী সন্দৰ্ভতো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দেওবাৰ অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ পাছত সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমেলৰ জৰিয়তে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ কেবিনেটত উমা চেত্ৰী সন্দৰ্ভতো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

2 / 5

ক্ৰিকেটাৰ উমা চেত্ৰীলৈ অসম কেবিনেটে ২৫ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰে। শৰ্মাই কয় যে, বিশ্বকাপত উমা চেত্ৰীৰ প্ৰদৰ্শনৰ বাবে তেওঁক অসম চৰকাৰে ২৫ লাখ টকাৰ অনুদান আগবঢ়াব। ইয়াৰ আগতেও চৰকাৰে ১০ লাখ টকাৰ অনুদান দিছিল। কিছুদিন পাছতে উমাক এই ধনৰাশি প্ৰদান কৰা হ'ব বুলি কয় শৰ্মাই।

3 / 5

উল্লেখ্য যে, আজি গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে অসম গৌৰৱ উমাক আদৰণি জনাই অসম ক্ৰিকেট সন্থা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাই। তাৰ পাছতে অসম ক্ৰিকেট সন্থাই উমাৰ বাবে ৫১ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰিছিল। এই সময়চোৱাত অসম ক্ৰিকেট সন্থাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

4 / 5

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে আই চি চি মহিলা বিশ্বকাপত ভাৰতীয় মহিলা ক্ৰিকেট দলে এইবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই দলটোৰ সদস্য আছিল অসম সন্তান উমা চেত্ৰী। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে উমা চেত্ৰীয়ে বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

5 / 5

ইয়াৰ পাছতে কিছুদিন পূৰ্বে অসমত উমা উপস্থিত হৈছিল। কিন্তু তাৰ পাছতে আৰম্ভ হৈছিল বিতৰ্ক। উমাক চৰকাৰ বা ক্ৰিকেট সন্থাৰ পৰা সম্বৰ্ধনা জ্ঞাপন নকৰাৰ বাবে একাংশই কঠোৰ সমালোচনা কৰিছিল। তাৰ পাছতে আজি উমাক সম্বৰ্ধনা জনাই আৰু ধনৰাশি ঘোষণা কৰে অসম ক্ৰিকেট সন্থাৰ লগতে অসম চৰকাৰে।

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা