২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা 'CM Helpline' আৰম্ভ কৰিব ৰাজ্য চৰকাৰে | Assam Government to Launch CM Helpline for Public Grievances in January 2025 : Himanta Biswa Sarma Assam news - Assam Tv9

Himanta Biswa Sarma : ৰাজ্যবাসীয়ে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব অভিযোগ, ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব ‘CM Helpline’

Published: 

12 Nov 2024 | 09:59 PM

ৰাজ্য়খনৰ জনসাধাৰণে যাতে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হেল্পলাইনৰ জৰিয়তে অভাৱ-অভিযোগ মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰিব জনসাধাৰণে ।

1 / 5পোনপটীয়াকৈ ৰাজহুৱা অভিযোগৰ সমাধানৰ লক্ষ্যৰে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা এক নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য়খনৰ জনসাধাৰণে যাতে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হেল্পলাইনৰ জৰিয়তে অভাৱ-অভিযোগ মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰিব জনসাধাৰণে ।

পোনপটীয়াকৈ ৰাজহুৱা অভিযোগৰ সমাধানৰ লক্ষ্যৰে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা এক নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য়খনৰ জনসাধাৰণে যাতে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হেল্পলাইনৰ জৰিয়তে অভাৱ-অভিযোগ মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰিব জনসাধাৰণে ।

2 / 5

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাইজে অভিযোগ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ক অৱগত কৰিব পৰা মুখ্যমন্ত্ৰী হেল্পলাইন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা বছৰ জানুৱাৰী মাহৰ পৰা এই হেপ্ললাইন মুকলি কৰা হ'ব। ৰাজ্যখনৰ বহু লোকে বিশেষকৈ তৃণমূল পৰ্যায়ত একাধিক সমস্যাৰ সন্মুখীন হয়।

3 / 5

তেওঁ উল্লেখ কৰে যে, নাগৰিকসকলে সঘনাই চৰকাৰী কাৰ্যালয়ত বহু কাম সমাধান কৰাৰ ক্ষেত্ৰত সুবিধাৰ সন্মুখীন হয় । বহু লোকে নিজৰ কিছুমান কামৰ বাবে চৰকাৰী কাৰ্যালয়ত গৈ যুঁজি থাকিবলগীয়া হয় । মুখ্যমন্ত্ৰী হেল্পলাইনৰ উদ্দেশ্য হৈছে এই ধৰণৰ সমস্যাবোৰ সমাধান কৰা ।

4 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই হেল্পলাইনটোৰ জৰিয়তে মানুহে মুখ্য়মন্ত্ৰীক নিজৰ অভিযোগবোৰ পোনপটীয়াকৈ অৱগত কৰিব পাৰিব । এই সেৱাৰ জৰিয়তে মানুহৰ সমস্যা সমাধান কৰাত ৰাজ্য চৰকাৰ অধিক সফল হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

5 / 5

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, চিএম হেল্পলাইন সেৱাৰ অধীনত এটা বিশেষ নম্বৰ মুকলি কৰা হ'ব আৰু হোৱাটছএপ সুবিধাৰো ব্যৱস্থা কৰা হ'ব । হেল্পলাইন নম্বৰ আৰু হোৱাটছএপৰ জৰিয়তে জনসাধাৰণে নিজৰ অভাৱ অভিযোগবোৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ক অৱগত কৰিব পাৰিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...