২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা 'CM Helpline' আৰম্ভ কৰিব ৰাজ্য চৰকাৰে | Assam Government to Launch CM Helpline for Public Grievances in January 2025 : Himanta Biswa Sarma Assam news - Assam Tv9

Himanta Biswa Sarma : ৰাজ্যবাসীয়ে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব অভিযোগ, ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব ‘CM Helpline’

Published: 

12 Nov 2024 | 09:59 PM

ৰাজ্য়খনৰ জনসাধাৰণে যাতে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হেল্পলাইনৰ জৰিয়তে অভাৱ-অভিযোগ মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰিব জনসাধাৰণে ।

1 / 5পোনপটীয়াকৈ ৰাজহুৱা অভিযোগৰ সমাধানৰ লক্ষ্যৰে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা এক নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য়খনৰ জনসাধাৰণে যাতে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হেল্পলাইনৰ জৰিয়তে অভাৱ-অভিযোগ মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰিব জনসাধাৰণে ।

পোনপটীয়াকৈ ৰাজহুৱা অভিযোগৰ সমাধানৰ লক্ষ্যৰে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা এক নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য়খনৰ জনসাধাৰণে যাতে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হেল্পলাইনৰ জৰিয়তে অভাৱ-অভিযোগ মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰিব জনসাধাৰণে ।

2 / 5

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাইজে অভিযোগ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ক অৱগত কৰিব পৰা মুখ্যমন্ত্ৰী হেল্পলাইন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা বছৰ জানুৱাৰী মাহৰ পৰা এই হেপ্ললাইন মুকলি কৰা হ'ব। ৰাজ্যখনৰ বহু লোকে বিশেষকৈ তৃণমূল পৰ্যায়ত একাধিক সমস্যাৰ সন্মুখীন হয়।

3 / 5

তেওঁ উল্লেখ কৰে যে, নাগৰিকসকলে সঘনাই চৰকাৰী কাৰ্যালয়ত বহু কাম সমাধান কৰাৰ ক্ষেত্ৰত সুবিধাৰ সন্মুখীন হয় । বহু লোকে নিজৰ কিছুমান কামৰ বাবে চৰকাৰী কাৰ্যালয়ত গৈ যুঁজি থাকিবলগীয়া হয় । মুখ্যমন্ত্ৰী হেল্পলাইনৰ উদ্দেশ্য হৈছে এই ধৰণৰ সমস্যাবোৰ সমাধান কৰা ।

4 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই হেল্পলাইনটোৰ জৰিয়তে মানুহে মুখ্য়মন্ত্ৰীক নিজৰ অভিযোগবোৰ পোনপটীয়াকৈ অৱগত কৰিব পাৰিব । এই সেৱাৰ জৰিয়তে মানুহৰ সমস্যা সমাধান কৰাত ৰাজ্য চৰকাৰ অধিক সফল হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

5 / 5

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, চিএম হেল্পলাইন সেৱাৰ অধীনত এটা বিশেষ নম্বৰ মুকলি কৰা হ'ব আৰু হোৱাটছএপ সুবিধাৰো ব্যৱস্থা কৰা হ'ব । হেল্পলাইন নম্বৰ আৰু হোৱাটছএপৰ জৰিয়তে জনসাধাৰণে নিজৰ অভাৱ অভিযোগবোৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ক অৱগত কৰিব পাৰিব ।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?