অৰুণোদয় ৩.০ৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম! ৰাজ্য চৰকাৰে দিলে স্পষ্টীকৰণ... | Assam Government Finance Department issues clarification for No Income Certificate Required for Orunodoi 3 0 Scheme Assam news - Assam Tv9

অৰুণোদয় ৩.০ৰ বাবে প্ৰযোজ্য হ’ব নতুন নিয়ম! ৰাজ্য চৰকাৰে দিলে স্পষ্টীকৰণ…

Updated On: 

22 Dec 2024 17:05 PM

অৰুণোদয় ৩.০ আঁচনিক লৈ বিশেষ স্পষ্টীকৰণ দিলে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা এই নিয়ম অনুসৰিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা।

1 / 5 অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন সম্পর্কে জাৰি কৰিছে এক স্পষ্টীকৰণ। এতিয়াৰে পৰা অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কার্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণ-পত্র জমা দিয়াৰ প্ৰয়োজন নাই।

অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন সম্পর্কে জাৰি কৰিছে এক স্পষ্টীকৰণ। এতিয়াৰে পৰা অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কার্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণ-পত্র জমা দিয়াৰ প্ৰয়োজন নাই।

2 / 5

বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁওপ্রধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণ-পত্ৰ আহৰণ কৰিৰ নালাগে। এই ক্ষেত্ৰত আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণ-পত্র সন্দর্ভত যিকোনো বিভ্রান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু-অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতর্ক হৈ থাকিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ।

3 / 5

আয়ৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ লগতে অভিযোগৰ পুংখানুপুংখ তদন্ত কৰি দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। এই কথা উল্লেখ কৰা হৈছে স্পষ্টীকৰণক।

4 / 5

অৰুণোদয় ৩.০ আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলি ১,২৫০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা । এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে।

5 / 5

'অৰুণোদয় আঁচনিয়ে সামৰি ল'ব ৰাজ্যৰ ৪০ লাখ লোকক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰকৈ টকা দিয়াৰ চিন্তা- চৰ্চা চৰকাৰৰ"। লখিমপুৰত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...