পাকিস্তান সমৰ্থক পোষ্ট দিয়া সকলৰ ভৰি ভাঙি দিম: মুখ্যমন্ত্ৰী | Assam CM Himanta Biswa Sarma Warns of Strict Action for Pro-Pakistan Slogans in Dhubri Assam news - Assam Tv9

“পাকিস্তান সমৰ্থক পোষ্ট দিয়া সকলৰ ভৰি ভাঙি দিম”, ধুবুৰীত কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ

Published: 

02 May 2025 19:51 PM

পাকিস্তান সমৰ্থক শ্লোগান বা মন্তব্য প্ৰকাশ কৰা কোনো লোকক ৰেহাই দিয়া নহয় । পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ মাজতে শুকুৰবাৰে ধুবুৰীত স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

1 / 5পাকিস্তান সমৰ্থক শ্লোগান বা মন্তব্য কৰা বা সামাজিক মাধ্যমত পোষ্ট কৰা কোনো লোকক ৰেহাই দিয়া নহয় । পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ মাজতে শুকুৰবাৰে ধুবুৰীত স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । তেওঁ কয় যে, জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান সমৰ্থক শ্লোগান দিয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

পাকিস্তান সমৰ্থক শ্লোগান বা মন্তব্য কৰা বা সামাজিক মাধ্যমত পোষ্ট কৰা কোনো লোকক ৰেহাই দিয়া নহয় । পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ মাজতে শুকুৰবাৰে ধুবুৰীত স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । তেওঁ কয় যে, জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান সমৰ্থক শ্লোগান দিয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

2 / 5

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত দিয়া ভাষণত মুখ্য়মন্ত্ৰী শৰ্মাই ৰাইজক প্ৰাৰ্থনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় সেনাক শক্তি প্ৰদান কৰিবলৈ আহ্বান জনায়, যাতে বিশ্বৰ যিকোনো ঠাইত লুকাই থকা পাকিস্তানী সন্ত্ৰাসবাদীক বিচাৰি উলিয়াই তেওঁলোকক চৰম শাস্তি দিব পৰা যায়।

3 / 5

"পাকিস্তানী সন্ত্ৰাসবাদী আহি নিৰীহ লোকক হত্যা কৰিলে, কিন্তু আমাৰ মাজৰ কিছুমানে 'পাকিস্তান জিন্দাবাদ' বুলি কৈ আছে। আমি তেওঁলোকৰ মাজৰ কেইবাজনক গ্ৰেপ্তাৰ কৰিছো আৰু কোনোবাই যদি 'পাকিস্তান জিন্দাবাদ' শ্লোগান দিয়ে তেন্তে আমি তেওঁলোকৰ ভৰি ভাঙি দিম।"এইদৰে সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে ।

4 / 5

"মই আৰক্ষীক নিৰ্দেশ দিছো যে 'পাকিস্তান জিন্দাবাদ' বুলি কোৱাসকলৰ মুখলৈ নাচাব, কেৱল আইন অনুসৰি গ্ৰেপ্তাৰ কৰি ভৰি ভাঙি পেলাওক। আমি আমাৰ অসম আৰু ভাৰতক শক্তিশালী কৰিব লাগিব।" এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

5 / 5

যোৱা ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পহলগামৰ পৰ্যটনস্থলী বৈছাৰণত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল । বেছিভাগেই আছিল পৰ্যটক আৰু এই ঘটনাত কেইবাজনো লোক আহত হৈছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অসমত এই পৰ্যন্ত "পাকিস্তান সমৰ্থক" মন্তব্য কৰাৰ অভিযোগত কমেও ৩৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

গৰ্ভাৱস্থাত হঠাতে বৃদ্ধি পাব পাৰে ৰক্তচাপ, নিয়ন্ত্ৰণত ৰাখিবলৈ কি কৰিব?
নিশাৰ সময়ত ভুলতো নকৰিব এই ৪টা কাম! আহে দুৰ্দশা, হয় আৰ্থিক সমস্যা...
এছিয়া কাপ জয় কৰিও বাহিৰ ১১জন খেলুৱৈ! মাত্ৰ ৪ জন খেলুৱৈহে ৰ’ল দলত, কিয় হ’ল এনে?
খোৱাৰ পিছতে পেট ফুলি উঠে নেকি? কি কৰিব চিকিৎসকৰ পৰা জানক...