চাহ শ্ৰমিকলৈ ৫০০০ টকা এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ | Assam CM Announces Rs 5,000 One-Time Financial Support for Tea Workers Under Eti Koli Duti Pat Initiatives Assam news - Assam Tv9

বাঢ়িছে নিৰ্বাচনী তৎপৰতা ! ইয়াৰ মাজতে চাহ শ্ৰমিকলৈ ৫০০০ টকা এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

Updated On: 

05 Jan 2026 | 07:10 PM

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। ইয়াৰ মাজতে চাহ শ্ৰমিকৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

1 / 5অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্রতি সন্মান জনাই ৰাজ্য চৰকাৰৰ উদ্যোগত 'এটি কলি দুটি পাত'শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক (চাহ শ্ৰমিক)ৰ বাবে এককালীন ৫ হাজাৰ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্রতি সন্মান জনাই ৰাজ্য চৰকাৰৰ উদ্যোগত 'এটি কলি দুটি পাত'শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক (চাহ শ্ৰমিক)ৰ বাবে এককালীন ৫ হাজাৰ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

2 / 5

ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্রতি সন্মান যাচি চৰকাৰে গ্ৰহণ কৰাৰ পদক্ষেপৰ অংশ হিচাপে এই সাহায্য চাহ শ্ৰমিকসকলক প্ৰদান কৰিব।

3 / 5

শৰ্মাই লিখিছে,"অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্রতি সন্মান যাচি আমাৰ চৰকাৰে ইতিমধ্যে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰয়াসকে আৰু এখোজ আগুৱাই এইবাৰ 'এটি কলি দুটি পাত' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে আমি চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়াবলৈ লৈছোঁ।"

4 / 5

এই ঘোষণাই সমগ্ৰ ৰাজ্যৰ হাজাৰ হাজাৰ চাহ বাগিচাৰ শ্ৰমিকক উপকৃত কৰাৰ লগতে তেওঁলোকক আৰ্থিক সকাহ প্ৰদান কৰাৰ লগতে অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়লৈ চাহ জনগোষ্ঠীৰ অৱদানক স্বীকৃতি দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, ৬ লাখৰো অধিক শ্ৰমিক ইয়াৰ দ্বাৰা উপকৃত হ'ব।

5 / 5

শীঘ্ৰেই এই সন্দৰ্ভত চাহ জনগোষ্ঠীৰ ৰাইজক বিতংকৈ জনাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী এই ঘোষণা তাৎপৰ্য বহন কৰিছে।

সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে