ৰাজ্যিক কৰ্মচাৰীৰ ৩ শতাংশ ডি এ বৃদ্ধিত অনুমোদন কেবিনেটৰ... | Assam Cabinet approves 3-pc DA hike for state government employees Assam news - Assam Tv9

Assam Cabinet Decision : ৰাজ্যিক কৰ্মচাৰীৰ ৩ শতাংশ ডি এ বৃদ্ধিত অনুমোদন কেবিনেটৰ… কেতিয়াৰ পৰা লাভ কৰিব ?

Updated On: 

27 Oct 2024 20:41 PM

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৩ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । লগতে বকেয়া ধনৰাশি অহা বছৰৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে মাহিলী দৰমহাৰ সৈতে চাৰিটা সমান কিস্তিত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।

1 / 5ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৩ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিত অনুমোদন জনাই ৰাজ্যিক কেবিনেটে ।

ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৩ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিত অনুমোদন জনাই ৰাজ্যিক কেবিনেটে ।

2 / 5

ডি এ বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ ৩ শতাংশ বৃদ্ধিৰ পাছত মুঠ ডি এ ৫৩ শতাংশ হ’ব, যিটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমতুল্য। তেওঁ কয় যে, বৃদ্ধি পোৱা ডি এ চলিত বৰ্ষৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব ।

3 / 5

লগতে তেওঁ কয় যে, বকেয়া ধনৰাশি অহা বছৰৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে মাহিলী দৰমহাৰ সৈতে চাৰিটা সমান কিস্তিত প্ৰদান কৰা হ’ব।

4 / 5

ডিচেম্বৰৰ পৰা সংশোধিত ডি এৰে কৰ্মচাৰীসকলে দৰমহা ল’ব পাৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

5 / 5

ইফালে, দীপাৱলীৰ উপলক্ষে ৰাজ্য়িক কৰ্মচাৰীসকলৰ অক্টোবৰ মাহৰ দৰমহা সোমবাৰৰ পৰা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…