ৰাজ্যিক কৰ্মচাৰীৰ ৩ শতাংশ ডি এ বৃদ্ধিত অনুমোদন কেবিনেটৰ... | Assam Cabinet approves 3-pc DA hike for state government employees Assam news - Assam Tv9

Assam Cabinet Decision : ৰাজ্যিক কৰ্মচাৰীৰ ৩ শতাংশ ডি এ বৃদ্ধিত অনুমোদন কেবিনেটৰ… কেতিয়াৰ পৰা লাভ কৰিব ?

Updated On: 

27 Oct 2024 | 08:41 PM

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৩ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । লগতে বকেয়া ধনৰাশি অহা বছৰৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে মাহিলী দৰমহাৰ সৈতে চাৰিটা সমান কিস্তিত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।

1 / 5ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৩ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিত অনুমোদন জনাই ৰাজ্যিক কেবিনেটে ।

ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৩ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিত অনুমোদন জনাই ৰাজ্যিক কেবিনেটে ।

2 / 5

ডি এ বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ ৩ শতাংশ বৃদ্ধিৰ পাছত মুঠ ডি এ ৫৩ শতাংশ হ’ব, যিটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমতুল্য। তেওঁ কয় যে, বৃদ্ধি পোৱা ডি এ চলিত বৰ্ষৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব ।

3 / 5

লগতে তেওঁ কয় যে, বকেয়া ধনৰাশি অহা বছৰৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে মাহিলী দৰমহাৰ সৈতে চাৰিটা সমান কিস্তিত প্ৰদান কৰা হ’ব।

4 / 5

ডিচেম্বৰৰ পৰা সংশোধিত ডি এৰে কৰ্মচাৰীসকলে দৰমহা ল’ব পাৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

5 / 5

ইফালে, দীপাৱলীৰ উপলক্ষে ৰাজ্য়িক কৰ্মচাৰীসকলৰ অক্টোবৰ মাহৰ দৰমহা সোমবাৰৰ পৰা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...