অসম গ্ৰন্থমেলাঃ গ্ৰন্থপ্ৰেমীৰ ভিৰ, ১০ দিনত ৫ কোটি ৮০ লাখ টকাৰ কিতাপ বিক্ৰী | assam book fair 2024-25 sales exceed almost 5 cr in 10 days guwahati assam Assam news - Assam Tv9

অসম গ্ৰন্থমেলাঃ গ্ৰন্থপ্ৰেমীৰ ভিৰ, ১০ দিনত ৫ কোটি ৮০ লাখ টকাৰ কিতাপ বিক্ৰী

barasha-sarma
Published: 

06 Jan 2025 08:02 AM

বৰ্তমান চলি আছে অসম গ্ৰন্থমেলা ২০২৪-২৫। প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো গ্ৰন্থমেলালৈ বিপুললোকৰ সমাগম ঘটিছে। এইবাৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ২০২৪-২৫।

1 / 5শীত মানেই যেন গ্ৰন্থমেলাৰ বতৰ! প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা। অৱশ্যে এইবাৰ চানমাৰীত নহয়, খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ২০২৪-২৫। প্ৰতিদিনে গ্ৰন্থমেলালৈ শ শ মানুহৰ আগমন ঘটিছে। জনসমুদ্ৰলৈ পৰিণত হৈছে অসম গ্ৰন্থমেলা।

শীত মানেই যেন গ্ৰন্থমেলাৰ বতৰ! প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা। অৱশ্যে এইবাৰ চানমাৰীত নহয়, খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ২০২৪-২৫। প্ৰতিদিনে গ্ৰন্থমেলালৈ শ শ মানুহৰ আগমন ঘটিছে। জনসমুদ্ৰলৈ পৰিণত হৈছে অসম গ্ৰন্থমেলা।

2 / 5শিশুৰ পৰা বৃদ্ধলৈ, নেতা মন্ত্ৰীৰ পৰা বিভিন্নজনলৈ গ্ৰন্থমেলাত ভিৰ কৰিছে। জানিব পৰা মতে, ১০ টা দিনত অসম গ্ৰন্থমেলাত প্ৰায় ৫ কোটি ৮০ লাখ টকাৰ কিতাপ বিক্ৰী হৈছে। অহা ৭ জানুৱাৰীলৈ চলিবলগীয়া এই গ্ৰন্থমেলাত আগন্তুক সময়ত আৰু অধিক কিতাপ বিক্ৰী হ'ব বুলি আশা কৰা হৈছে।

শিশুৰ পৰা বৃদ্ধলৈ, নেতা মন্ত্ৰীৰ পৰা বিভিন্নজনলৈ গ্ৰন্থমেলাত ভিৰ কৰিছে। জানিব পৰা মতে, ১০ টা দিনত অসম গ্ৰন্থমেলাত প্ৰায় ৫ কোটি ৮০ লাখ টকাৰ কিতাপ বিক্ৰী হৈছে। অহা ৭ জানুৱাৰীলৈ চলিবলগীয়া এই গ্ৰন্থমেলাত আগন্তুক সময়ত আৰু অধিক কিতাপ বিক্ৰী হ'ব বুলি আশা কৰা হৈছে।

3 / 5গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ লগতে প্ৰতিটো দিনত আন কিছুমান অনুষ্ঠানৰো আয়োজন কৰা হৈছে।  নৃত্য গীতৰ লগতে মুকাভিনয়, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাসমূহত বহু ল'ৰা ছোৱালীয়ে অংশ গ্ৰহণ কৰে।

গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ লগতে প্ৰতিটো দিনত আন কিছুমান অনুষ্ঠানৰো আয়োজন কৰা হৈছে। নৃত্য গীতৰ লগতে মুকাভিনয়, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাসমূহত বহু ল'ৰা ছোৱালীয়ে অংশ গ্ৰহণ কৰে।

4 / 5

৫ জানুৱাৰীৰ দিনটোত শিশুৰ দিন আয়োজন কৰা হয়। য'ত চিত্ৰাংকন প্ৰতিযোগিতা, মুকলি কুইজ, কবিতা আবৃত্তি প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। ইয়াত বহু সংখ্যক ল'ৰা ছোৱালীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰোপৰি এই প্ৰতিযোগিতাত জয় লাভ কৰা সকলক ৭ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হ'ব।

5 / 5

ইয়াৰোপৰি প্ৰতিটো দিনতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় অসম গ্ৰন্থমেলা বাকৰিত। দিহানাম, লেখক- পাঠক সমাৰোগ, স্মৃতিগ্ৰন্থ উন্মোচন, অ মোৰ সুৰীয়া মাত, বিভিন্ন আলোচনা চক্ৰ আদি অনুষ্ঠিত হয়। উল্লেখ্য যে, প্ৰতিবাৰৰ দৰে এইবাৰো গ্ৰন্থমেলালৈ ৰাইজে অভুতপূৰ্ব সঁহাৰি প্ৰদান কৰিছে। মাত্ৰ আজিৰ দিনটো, কাইলৈ অন্ত পৰিব অসম গ্ৰন্থমেলা ২০২৪-২৫।

বিৰল সংযোগ! আগষ্ট মাহত কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, জানক...
এইদৰে ব্যৱহাৰ কৰক পদূনাৰ পাত, ছালৰ সৌন্দৰ্যই আকৰ্ষিত কৰিব আপোনাৰ শত্ৰুকো
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
এলঝেইমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই ৰোগ কিয় হয় জানেনে?