13 Apr 2024 | 10:37 PM
বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ বিশ্ব অভিলেখৰ এটা বছৰ সম্পূৰ্ণ।
সৰুসজাইত ৰাজ্য চৰকাৰৰ বিষয়ববীয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিছিল ১১ হাজাৰ ঢুলীয়া–নাচনীৰ বিহু নৃত্য। য'ত গীনিজ কৰ্তৃপক্ষও উপস্থিত আছিল।
অসম চৰকাৰৰ সহযোগীতাৰ বাবে বিশ্বৰ বুকুত আমাৰ গৌৰৱৰ বিহু উজলি উঠিছিল।
একেটা দিনতে অসমে বিহু নৃত্য আৰু ঢোলবাদন এই দুয়োটাতে গঢ়িছিল গীণিজ ৰেকৰ্ড।
সৰুসজাইত একে স্থানতে ১১ হাজাৰৰো অধিক নাচনী আৰু ঢুলীয়াৰ প্ৰদৰ্শনৰ অভিলেখৰ লগতে একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনেৰে অভিলেখ স্থাপন কৰিছিল।