গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ আশুতোষ কুমাৰৰ... | ashutosh kumar take oath as gauhati high court new chief judge assam Assam news - Assam Tv9

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ আশুতোষ কুমাৰৰ…

Published: 

21 Jul 2025 12:05 PM

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ আশুতোষ কুমাৰৰ। কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কেইবাখনো উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিছিল।

1 / 5গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব গ্রহণ কৰে ন্যায়াধীশ আশুতোষ কুমাৰে। সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব গ্রহণ কৰে ন্যায়াধীশ আশুতোষ কুমাৰে। সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

2 / 5

দিনৰ ১০ বজাত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই শপতবাক্য পাঠ কৰোৱাই ন্যায়াধীশগৰাকীক। এই সময়চোৱাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তাসকল।

3 / 5

ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল আশুতোষ কুমাৰে। কিছুদিন পূৰ্বে কুমাৰক কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত আইন আৰু ন্যায় মন্ত্ৰালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।

4 / 5

ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত এই নিযুক্তি সম্পৰ্কীয় অধিসূচনা জাৰি কৰা হয়। সেই অনুসৰি আজি শপত গ্ৰহণ কৰে ন্যায়াধীশগৰাকীয়ে। মুঠ ৫ খনকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিছিল ৰাষ্ট্ৰপতিয়ে।

5 / 5

কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বাক্ষৰিত অধিসূচনা অনুসৰি, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, গুৱাহাটী আৰু পাটনা উচ্চ ন্যায়ালয়ত নতুনকৈ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত কলেজিয়ামে বিভিন্ন উচ্চ ন্যায়ালয়ৰ সেই ন্যায়াধীশসকলক পদোন্নতি আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছিল।

শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে বাধা, কিন্তু কেনেকৈ?
পত্নী বা প্ৰেমিকাৰ এনে কু-অভ্যাসে ৰসাতলে নিব পাৰে পৰিয়ালক, চাণক্যৰ নীতিয়ে কৰি গৈছে উল্লেখ
নিম্ন ৰক্তচাপৰ ৰোগীয়ে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব ?
উজ্জ্বল ছালৰ বাবে এইদৰে ব্যৱহাৰ কৰক এলোভেৰা