ঘাম মচিবলৈ ‘ৱেট ৱাইপ’ ব্যৱহাৰ কৰে নেকি? অজানিতে মাতি আনিছে নেকি ভয়ানক বিপদ! | Are Wet Wipes Really Safe? Research Reveals Potential Health Risks Assam news - Assam Tv9

ঘাম মচিবলৈ ‘ৱেট ৱাইপ’ ব্যৱহাৰ কৰে নেকি? অজানিতে মাতি আনিছে নেকি ভয়ানক বিপদ!

Published: 

05 Sep 2025 18:26 PM

এক অধ্যয়নত ৱেট ৱাইপৰ ব্যৱহাৰৰ বিষয়ে কিছুমান আচৰিত তথ্য পোহৰলৈ আহিছে, এই তথ্যসমূহে আপোনাক অত্যন্ত আচৰিত কৰি তুলিব। গৱেষকগৰাকীয়ে কয় যে ৱেট ৱাইপত ছডিয়াম ল’ৰিল ছালফেট থাকে, যি সংবেদনশীল ছালৰ বাবে অতি ক্ষতিকাৰক।

1 / 5শেহতীয়া কেইটামান দিনত ঠায়ে ঠায়ে যথেষ্ট গৰম পৰা পৰিলক্ষিত হৈছে। গৰমৰ ফলত দেহৰ পৰা ওলোৱা ঘাম মচিবলৈ বহুলোকে সঘনাই ৱেট ৱাইপ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ দ্বাৰা অৱশ্যেই সাময়িকভাৱে সকাহ লাভ কৰিব পাৰি।

শেহতীয়া কেইটামান দিনত ঠায়ে ঠায়ে যথেষ্ট গৰম পৰা পৰিলক্ষিত হৈছে। গৰমৰ ফলত দেহৰ পৰা ওলোৱা ঘাম মচিবলৈ বহুলোকে সঘনাই ৱেট ৱাইপ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ দ্বাৰা অৱশ্যেই সাময়িকভাৱে সকাহ লাভ কৰিব পাৰি।

2 / 5

কিন্তু এই ৱেট ৱাইপৰ অত্যধিক ব্যৱহাৰ দেহৰ বাবে একেবাৰেই উপযুক্ত নহয়। এই ৱেট ৱাইপে দেহৰ উপকাৰ কৰাতকৈ বেছি ক্ষতিহে কৰিব পাৰে। আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ গৱেষক জন কুক মিলছৰ এক অধ্যয়নত এই বিষয়ে প্ৰকাশ পাইছে।

3 / 5

এই অধ্যয়নত ৱেট ৱাইপৰ ব্যৱহাৰৰ বিষয়ে কিছুমান আচৰিত তথ্য পোহৰলৈ আহিছে, এই তথ্যসমূহে আপোনাক অত্যন্ত আচৰিত কৰি তুলিব। গৱেষকগৰাকীয়ে কয় যে ৱেট ৱাইপত ছডিয়াম ল’ৰিল ছালফেট থাকে, যি সংবেদনশীল ছালৰ বাবে অতি ক্ষতিকাৰক।

4 / 5

ৱেট ৱাইপত থকা আন এক ৰাসায়নিক দ্ৰৱ্য মিথাইল ক্ল’ৰাচেথিয়া জ’ল প্ৰাপ্তবয়স্কৰ ছালৰ বাবেও ক্ষতিকাৰক। গৱেষকসকলৰ মতে, যদি সঘনাই ৱেট ৱাইপ ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ প্লাষ্টিক আৰু ৰাসায়নিক পদাৰ্থ ক্ৰমান্বয়ে শৰীৰৰ বিভিন্ন কোষত জমা হয়। ফলত এই কলাবোৰে কেঞ্চাৰ সৃষ্টি কৰিব পাৰে।

5 / 5

বেছিভাগ ৱেট ৱাইপতে প্লাষ্টিকৰ আঁহ থাকে, এনে পদাৰ্থসমূহ পৰিৱেশৰ বাবে ক্ষতিকাৰক বিবেচিত হয়। যিহেতু এই ৱেট ৱাইপ মাটিত সহজে দ্ৰৱীভূত নহয়, সেয়েহে পৰিৱেশ প্ৰদূষিত কৰে। গতিকে দেহৰ লগতে ৱেট ৱাইপ পৰিৱেশৰ বাবেও ক্ষতিকাৰক হৈ উঠে।

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে সৰ্বনাশ!
জটিল স্বাস্থ্যজনিত সমস্যাৰ এটা সৰল প্ৰতিকাৰ, কিয় দৈনিক নৰিসংহ পাত খাব লাগে?
কেঁচা পিঁয়াজৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আপুনিও নিতে ল’ব খাবলৈ
চাণক্য নীতি: সন্মানীয় আৰু সফল হ'বলৈ থাকিব লাগিব এই ৪টা গুণ