যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অনীহা নেকি? এই ফলে দূৰ কৰিব পাৰে সমস্যা! | Apples give you energy and boost immune system, Know the Apples benefits Assam news - Assam Tv9

যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অনীহা নেকি? এই ফলে দূৰ কৰিব পাৰে সমস্যা!

Published: 

02 Oct 2025 | 03:52 PM

Good Fruit For Health: আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ যিদৰে খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব লাগে, ঠিক তেনেদৰে যৌন ইচ্ছা বৃদ্ধিৰ বাবেও খাদ্যৰ ওপৰতে গুৰুত্ব দিব লাগে। অন্যথা সুস্থ জীৱন যাপন কৰাটো কঠিন। এই ফল খালেও বিভিন্ন যৌন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।

1 / 6আপোনাৰ যৌন শক্তি দুৰ্বল হ'লে বিবাহিত জীৱনত সংঘাতৰ সৃষ্টি কৰিব পাৰে। গতিকে যৌন শক্তি দুৰ্বলতাৰ পৰা কেনেকৈ মুক্তি পাব? শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যিদৰে খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব লাগে, ঠিক তেনেদৰে যৌনতাৰ প্ৰতি আকাংক্ষা বৃদ্ধিৰ বাবে খাদ্যাভ্যাসত মনোনিৱেশ কৰিব লাগিব। অন্যথা সুস্থ জীৱন যাপন কৰাটো কঠিন।

আপোনাৰ যৌন শক্তি দুৰ্বল হ'লে বিবাহিত জীৱনত সংঘাতৰ সৃষ্টি কৰিব পাৰে। গতিকে যৌন শক্তি দুৰ্বলতাৰ পৰা কেনেকৈ মুক্তি পাব? শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যিদৰে খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব লাগে, ঠিক তেনেদৰে যৌনতাৰ প্ৰতি আকাংক্ষা বৃদ্ধিৰ বাবে খাদ্যাভ্যাসত মনোনিৱেশ কৰিব লাগিব। অন্যথা সুস্থ জীৱন যাপন কৰাটো কঠিন।

2 / 6

ভাল আৰু পুষ্টিকৰ খাদ্য খাই বিভিন্ন যৌন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। গতিকে ভিটামিন, খনিজ পদাৰ্থ, এমিনো এচিডযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ ফলত যৌনতাৰ প্ৰতি ইচ্ছা বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে আপোনাৰ শৰীৰটোও সুস্থ হৈ থাকিব।

3 / 6

যদি আপোনাৰ খাদ্যাভ্যাসৰ সঠিক থাকে, তেন্তে আপুনি কেৱল সুখী জীৱন যাপন কৰাই নহয়, আপোনাৰ সংগীকো সুখী কৰিবলৈ সক্ষম হ’ব। বিশেষজ্ঞসকলেও এই কথা কয়।

4 / 6

যেতিয়া আপোনাৰ শৰীৰ সকলো দিশতে সুস্থ হৈ থাকে তেতিয়াহে যৌনতাৰ ইচ্ছা বাঢ়িব। ইয়াৰ লগতে গোটেই দিনটো কাম কৰিবলৈ যথেষ্ট শক্তিও থাকিব। মাত্ৰ আপোনাৰ দৈনিক খাদ্যৰ তালিকাত এটা আপেল অন্তৰ্ভুক্ত কৰিব লাগিব।

5 / 6

আপেলত কোৱাৰচেটিন নামৰ এবিধ পদাৰ্থ থাকে। ই যৌন ইচ্ছা বৃদ্ধিত সহায় কৰে। ফলত শৰীৰত কিছুমান হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। আৰু ইয়াৰ সমান্তৰালকৈ মনটোও সবল হৈ থাকে। পুষ্টিবিদসকলৰ মতে আপেল খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ উপৰিও যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছা আৰু ক্ষমতা বৃদ্ধি কৰে।

6 / 6

প্ৰতিদিনে এটা আপেল খালে যৌন অক্ষমতাৰ পৰা মুক্তি পোৱাত সহায়ক হ’ব। তেনেকৈয়ে আপুনি আপোনাৰ সংগীক সুখী কৰিব পাৰে। আপেলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যাৰ ফলত যৌনাংগলৈ তেজৰ যোগান বৃদ্ধি পায়। আপেল খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। উচ্চ ৰক্তচাপে প্ৰায়ে যৌন ক্ষমতা হ্ৰাস কৰে। গতিকে নিয়মিত আপেল খালে ইয়াৰ পৰা আঁতৰি থকা সম্ভৱ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব