'অনুপমা' ধাৰাবাহিকখন চায়নে? এইবাৰ অনুপমাৰ জীয়ৰীয়ে আচৰিত কৰিলে সকলোকে! | Anupama onscreen daughter Adrija Roy glamorous picture and story Assam news - Assam Tv9

‘অনুপমা’ ধাৰাবাহিকখন চায়নে? এইবাৰ অনুপমাৰ জীয়ৰীয়ে আচৰিত কৰিলে সকলোকে!

Published: 

10 Jun 2025 | 04:19 PM

Anupama: ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিৰ ‘অনুপমা’ই প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। কেতিয়াবা অনুপমাৰ জীৱনৰ সমস্যা, পৰিয়ালৰ কাজিয়া, সন্তানৰ সমস্যা আদিৰে চৰ্চাত থাকে অভিনেতা-অভিনেত্ৰীসকল। এতিয়া নতুন ট্ৰেকত আকৌ এবাৰ ‘অনুপমা’ক লগ কৰিবলৈ গৈ আছে কন্যা ৰাহিয়ে।

1 / 5ধাৰাবাহিক ‘অনুপমা’ত আহিছে এতিয়া এটা নতুন ট্ৰেক। য'ত বহুদিন ধৰি মুম্বাইত অকলে থকা অনুপমাই লগ পাব কন্যা ৰাহিক। মাতৃ-কন্যাৰ মিলনৰ সময়ত কি হয় সেয়া দৰ্শকে চাবলৈ ৰৈ আছে। ধাৰাবাহিকখনৰ নতুন প্ৰ’ম’ চোৱাৰ পিছত মানুহে ৰাহি অৰ্থাৎ আদ্ৰিজা ৰায়ক বহুত ট্ৰ’ল কৰি আছে।

ধাৰাবাহিক ‘অনুপমা’ত আহিছে এতিয়া এটা নতুন ট্ৰেক। য'ত বহুদিন ধৰি মুম্বাইত অকলে থকা অনুপমাই লগ পাব কন্যা ৰাহিক। মাতৃ-কন্যাৰ মিলনৰ সময়ত কি হয় সেয়া দৰ্শকে চাবলৈ ৰৈ আছে। ধাৰাবাহিকখনৰ নতুন প্ৰ’ম’ চোৱাৰ পিছত মানুহে ৰাহি অৰ্থাৎ আদ্ৰিজা ৰায়ক বহুত ট্ৰ’ল কৰি আছে।

2 / 5

ৰাহিৰ চৰিত্ৰত অভিনয় কৰা আদ্ৰিজা ৰায়ে ৰাতিটোৰ ভিতৰতে এই শ্ব’টো পাইছিল। আচলতে অভিনেত্ৰীগৰাকীয়ে পূৰ্বে ‘ইমলি’ আৰু ‘কুণ্ডলী ভাগ্য’ত অভিনয় কৰিছে। কুণ্ডলী ভাগ্য শেষ হোৱাৰ লগে লগে অনুপমাৰ বাবে অদ্ৰিজা ৰায়ক নিৰ্বাচিত কৰা হয়। অৱশ্যে আগতে ৰাহীৰ চৰিত্ৰত অভিনয় কৰা পূৰ্বৰ অভিনেত্ৰীগৰাকীক ওলাই যাবলৈ দিয়ে।

3 / 5

আদ্ৰিজা ৰায়ৰ জনপ্ৰিয়তা যথেষ্ঠ বেছি। আচলতে অভিনেত্ৰীগৰাকীৰ বয়স মাত্ৰ ২৫ বছৰ। কিন্তু তেওঁৰ শৈলী আৰু অভিনয়েৰে আন অভিনেত্ৰীৰ সৈতে প্ৰতিদ্বন্দীতা কৰিব পাৰে। কলকাতাৰ আদ্ৰিজাই বাংলা ধাৰাবাহিক ‘বেদিনী মলুৱাৰ কোথা’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

4 / 5

অনুপমাত কোথাৰী পৰিয়ালৰ জ্যেষ্ঠ বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰা আদ্ৰিজা ৰয় বাস্তৱ জীৱনত যথেষ্ট গ্লেমাৰাছ। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে বালি ভ্ৰমণৰ বহু ফটো শ্বেয়াৰ কৰিছে।

5 / 5

অনুপমা অৰ্থাৎ ৰূপালী গাংগুলীৰ লগতে অদ্ৰিজা ৰায়ো মুখ্য চৰিত্ৰত আছে। যাৰ অবিহনে কাহিনীটো আধৰুৱা। শ্ব’টোৰ লগতে বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰি থাকে দুয়ো। ‘কুণ্ডলী ভাগ্য’টো অদ্ৰিজা ৰায়ক দৰ্শকে যথেষ্ঠ মৰম দিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...