এই বছৰ মহা অম্বুবাচী মেলাৰ প্ৰবৃত্তি আৰু নিবৃত্তি কেতিয়া ? | Ambubachi Mela 2025: Maha Ambubachi Mahayog to Begin on June 22 at Kamakhya Temple Assam news - Assam Tv9

২২ জুনৰ পৰা ২৬ জুনলৈ মহা অম্বুবাচী মেলা, প্ৰবৃত্তি আৰু নিবৃত্তি কেতিয়া ?

Published: 

02 Jun 2025 | 08:42 PM

শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। ২২ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ সংবাদমেল অসম পৰ্যটন বিভাগৰ ।

1 / 5২২ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ সংবাদমেল অসম পৰ্যটন বিভাগৰ । এই সংবাদমেলত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মহা অম্বুবাচী মেলাৰ সন্দৰ্ভত সাংবাদিক অৱগত কৰে । শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা।

২২ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ সংবাদমেল অসম পৰ্যটন বিভাগৰ । এই সংবাদমেলত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মহা অম্বুবাচী মেলাৰ সন্দৰ্ভত সাংবাদিক অৱগত কৰে । শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা।

2 / 5

উল্লেখ্য যে, এইবাৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি। পৰ্যটন বিভাগে সদৰী কৰা মতে,এইবাৰ অম্বুবাচী মহাযোগত নাথাকিব কোনো VIP আৰু VVIP ব্যৱস্থা।

3 / 5

এইবাৰ অম্বুবাচী মেলাৰ বাবে ৪ কোটি ৫৫ লাখ টকা ব্যয় ধাৰ্য কৰিছে চৰকাৰে । এই কথা জানিবলৈ দিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। ইয়াৰ লগতে এইবাৰ লাখ লাখ ভক্তৰ সমাগম হ’ব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে ।

4 / 5

মন্ত্ৰীগৰাকীয়ে এই কথাও সদৰী কৰে যে, এইবাৰ অম্বুবাচী মেলাৰ পৰিৱৰ্তে নাম দিয়া হৈছে মহা অম্বুবাচী মহাযোগ। যোৱা বছৰতকৈ এইবছৰ দৰ্শনাৰ্থী সংখ্যা বৃদ্ধি পাব বুলি আশা কৰিছে পৰ্যটন বিভাগে । সেই অনুসৰি ভক্তৰ বাবে এইবাৰ এই শিবিৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলিও জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে ।

5 / 5

অম্বুবাচীৰ সময়ছোৱাত মন্দিৰলৈ জোতা-চেণ্ডেল পিন্ধি নাযাবলৈ আহ্বান জনোৱা হৈছে। কামাখ্যাৰ মূল গেটৰ পৰা পথত পাৰি দিয়া হ’ব কাৰ্পেট । পথৰ কাষে কাষে খোৱা পানীৰো ব্যৱস্থা থাকিব ।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি