12 Jul 2025 | 07:30 PM
গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। এখন ব্যক্তিগত বিদ্যালয়ত ৰেগিঙৰ বলি বহিঃ ৰাজ্যৰ ছাত্ৰ।
আজাৰা স্থিত Miles Bronson Residential school ত সংঘটিত হৈছে এই ভয়ানক ঘটনা।গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছাত্ৰজন।
বৰ্তমান ছাত্ৰজনক ICUত ভৰ্তি কৰোৱা হৈছে। মূৰত আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পাইছে ছাত্ৰজ
দ্বাদশ শ্ৰেণীৰ ছাত্ৰই নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ আহত ছাত্ৰজনৰ পিতৃৰ। জানিব পৰা মতে ভুক্তভোগী ছাত্ৰজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ জিৰো নামৰ ঠাইত।
বিদ্যালয়খনৰ হোষ্টেলত থাকে ভুক্তভোগী ছাত্ৰজন । অৱশ্যে এই সন্দৰ্ভত মুখ খোলা নাই স্কুল কৰ্তৃপক্ষই।