পৃথক কমতাপুৰ, জনজাতিকৰণৰ দাবীত চচলত আক্ৰাছুৰ অৱস্থান ধৰ্মঘট... | All Koch Rajbongshi Students Union Protest in Guwahati Assam news - Assam Tv9

পৃথক কমতাপুৰ, জনজাতিকৰণৰ দাবীত চচলত আক্ৰাছুৰ অৱস্থান ধৰ্মঘট…

Published: 

09 Sep 2025 16:13 PM

আজি গুৱাহাটীৰ চচলত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে সংগঠনটোৱে।

1 / 5কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণকে ধৰি কেইবাটাও দাবীত আজি গুৱাহাটীৰ চচলত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। ছাত্ৰ সংগঠনটোৱে ৰূপায়ন কৰা এই অৱস্থান ধৰ্মঘটত কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে।

কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণকে ধৰি কেইবাটাও দাবীত আজি গুৱাহাটীৰ চচলত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। ছাত্ৰ সংগঠনটোৱে ৰূপায়ন কৰা এই অৱস্থান ধৰ্মঘটত কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে।

2 / 5

অৱস্থান ধৰ্মঘটত কোচ ৰাজবংশী ছাত্র সন্থাৰ সদস্য-সদস্যাসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰে। বিভিন্ন দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সদৌ কোচ ৰাজবংশী ছাত্র সন্থাই।

3 / 5

সংঘঠনটোৱে বিশেষকৈ ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ লগতে বিটিচিত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।

4 / 5

ইফালে,অতি শীঘ্ৰে KLO ৰ লগত শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই সদৌ কোচ ৰাজবংশী ছাত্র সন্থাই। "আক্ৰাছু জিন্দাবাদ", "জনজাতিকৰণ লাগিবই", "ভূমি অধিকাৰ লাগিবই" আদি শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদকাৰীয়ে।

5 / 5

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে কোচ ৰাজবংশীসকলে।

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!