ৰাজ্যৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এআইইউডিএফে... | AIUDF not to contest in By-Elections in Assam Assam news - Assam Tv9

By-Elections : লক্ষ্য পঞ্চায়ত, ২০২৬ ৰ নিৰ্বাচন ! ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এআইইউডিএফে…

Updated On: 

22 Oct 2024 21:44 PM

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এ আই ইউ ডি এফ দলে । লগতে এ আই ইউ ডি এফে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলো দিশৰ পৰা প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰিছে দলটোৰ নেতৃত্বই ।

1 / 5ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এ আই ইউ ডি এফ দলে । আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে এ আই ইউ ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলামে ।

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এ আই ইউ ডি এফ দলে । আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে এ আই ইউ ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলামে ।

2 / 5

ৰাজনৈতিক মহলত চৰ্চা হৈছিল যে, চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এ আই ইউ ডি এফে । কিন্তু শেষত দলৰ নেতৃত্বই প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

3 / 5

দলটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে এই কথাও সদৰী কৰিছে যে, পাঁচটা সমষ্টিৰ কোনো এটা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ বাবে দলটোৰ ক'ৰ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু বৰ্তমান আলোচনাৰ পাছত কোনো সমষ্টিতে প্ৰাৰ্থীত্ব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

4 / 5

দলটোৰ এই সিদ্ধান্তৰ বাবে সকলো দলীয় কৰ্মীৰ লগতে বুদ্ধিজীৱীৰ পৰামৰ্শও গ্ৰহণ কৰা হৈছিল বুলি মন্তব্য প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ নেতৃত্বই ।

5 / 5

লগতে এ আই ইউ ডি এফে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলো দিশৰ পৰা প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰিছে দলটোৰ নেতৃত্বই ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…