20 Apr 2024 | 08:26 AM
অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আইমী বৰুৱা। সামাজিক মাধ্যমত আইমীৰ আছে বহু অনুৰাগী।
নিজৰ অভিনয়েৰে অনুৰাগীক মোহাচ্ছন্ন কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়, প্ৰায়ে অনুৰাগীৰ বাবে ফটো ভিডিঅ' পোষ্ট কৰি থাকে।
কেতিয়াবা যদি অকলে আৰু কেতিয়াবা সন্তান আৰু স্বামীৰ লগত ফটো বা ভিডিঅ' শ্বেয়াৰ কৰে। অভিনেত্ৰীৰ লগতে পৰিচালক হিচাপেও আছে আইমীৰ সুকীয়া পৰিচয়।
এইবাৰ হালধীয়া পোছাক পিন্ধি মাতৃ-কন্যাৰ ফটো শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত ।
য'ত লিখিছে - Mother 💛 Daughter ✨Twinning