কৃষিপ্ৰধান অসমত হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ | Agriculture land declined in Assam minister Ashok Singhal says in assembly Assam news - Assam Tv9

সোণোৱালী শইচৰ দেশত ক্ৰমান্বয়ে হ্ৰাস কৃষিভূমিৰ পৰিমাণ

Updated On: 

07 Mar 2025 | 08:12 PM

কৃষিপ্ৰধান ৰাজ্য অসমত হ্ৰাস পাইছে কৃষিভূমিৰ সংখ্যা । বিধানসভাত মন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে ইয়াৰ তথ্য । চাওক সবিশেষ-

1 / 6শুকুৰবাৰে বিধানসভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে কয় যে ২০১৫-১৬ চনৰ পৰা যোৱা ৯ বছৰত অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস পোৱাৰ বিপৰীতে জলসিঞ্চিত ভূমি বৃদ্ধি পাইছে ।

শুকুৰবাৰে বিধানসভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে কয় যে ২০১৫-১৬ চনৰ পৰা যোৱা ৯ বছৰত অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস পোৱাৰ বিপৰীতে জলসিঞ্চিত ভূমি বৃদ্ধি পাইছে ।

2 / 6

নিৰ্দলীয় বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত সিংহলে কয় যে, ২০১৫-১৬ চনত ৰাজ্যৰ মুঠ কৃষিভূমি আছিল ৩৫.০৯ লাখ হেক্টৰ, যিটো ২০২৪-২৫ চনত ৩৪.৯৪ লাখ হেক্টৰলৈ হ্ৰাস পাইছে ।

3 / 6

তেওঁ লগতে কয় যে একে সময়ছোৱাত নিকা কৃষি ভূমি ২৮.০১ লাখ হেক্টৰৰ পৰা ২৮.৬২ লাখ হেক্টৰলৈ সামান্যভাৱে বৃদ্ধি পাইছে ।

4 / 6

মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৫-১৬ চনত নিকা জলসিঞ্চিত ভূমি আৰু মুঠ জলসিঞ্চিত ভূমি ক্ৰমে ৩.২৫ লাখ হেক্টৰ আৰু ৪.৫৫ লাখ হেক্টৰ আছিল, যিটো ৰাজ্যৰ মুঠ কৃষিভূমিৰ ১১.৬০ শতাংশ আছিল ।

5 / 6

২০২৪-২৫ চনত নিকা জলসিঞ্চিত ভূমি আৰু মুঠ জলসিঞ্চিত ভূমি ক্ৰমে ৬.৯৫ লাখ হেক্টৰ আৰু ৮.৮০ লাখ হেক্টৰ আছিল, যিটো মুঠ কৃষিভূমিৰ ২৪.২৮ শতাংশ বুলিও তেওঁ লগতে কয় ।

6 / 6

সিংহলে কয় যে ২০১৫-১৬ চনৰ তথ্য পৰিসংখ্যা হাতপুথি, ২০১৭, আৰু জলসিঞ্চন বিভাগৰ পৰা পোৱাৰ বিপৰীতে ২০২৪-২৫ চনৰ পৰিসংখ্যা বিভাগৰ তথ্যৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...