কৃষিপ্ৰধান অসমত হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ | Agriculture land declined in Assam minister Ashok Singhal says in assembly Assam news - Assam Tv9

সোণোৱালী শইচৰ দেশত ক্ৰমান্বয়ে হ্ৰাস কৃষিভূমিৰ পৰিমাণ

Updated On: 

07 Mar 2025 | 08:12 PM

কৃষিপ্ৰধান ৰাজ্য অসমত হ্ৰাস পাইছে কৃষিভূমিৰ সংখ্যা । বিধানসভাত মন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে ইয়াৰ তথ্য । চাওক সবিশেষ-

1 / 6শুকুৰবাৰে বিধানসভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে কয় যে ২০১৫-১৬ চনৰ পৰা যোৱা ৯ বছৰত অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস পোৱাৰ বিপৰীতে জলসিঞ্চিত ভূমি বৃদ্ধি পাইছে ।

শুকুৰবাৰে বিধানসভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে কয় যে ২০১৫-১৬ চনৰ পৰা যোৱা ৯ বছৰত অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস পোৱাৰ বিপৰীতে জলসিঞ্চিত ভূমি বৃদ্ধি পাইছে ।

2 / 6

নিৰ্দলীয় বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত সিংহলে কয় যে, ২০১৫-১৬ চনত ৰাজ্যৰ মুঠ কৃষিভূমি আছিল ৩৫.০৯ লাখ হেক্টৰ, যিটো ২০২৪-২৫ চনত ৩৪.৯৪ লাখ হেক্টৰলৈ হ্ৰাস পাইছে ।

3 / 6

তেওঁ লগতে কয় যে একে সময়ছোৱাত নিকা কৃষি ভূমি ২৮.০১ লাখ হেক্টৰৰ পৰা ২৮.৬২ লাখ হেক্টৰলৈ সামান্যভাৱে বৃদ্ধি পাইছে ।

4 / 6

মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৫-১৬ চনত নিকা জলসিঞ্চিত ভূমি আৰু মুঠ জলসিঞ্চিত ভূমি ক্ৰমে ৩.২৫ লাখ হেক্টৰ আৰু ৪.৫৫ লাখ হেক্টৰ আছিল, যিটো ৰাজ্যৰ মুঠ কৃষিভূমিৰ ১১.৬০ শতাংশ আছিল ।

5 / 6

২০২৪-২৫ চনত নিকা জলসিঞ্চিত ভূমি আৰু মুঠ জলসিঞ্চিত ভূমি ক্ৰমে ৬.৯৫ লাখ হেক্টৰ আৰু ৮.৮০ লাখ হেক্টৰ আছিল, যিটো মুঠ কৃষিভূমিৰ ২৪.২৮ শতাংশ বুলিও তেওঁ লগতে কয় ।

6 / 6

সিংহলে কয় যে ২০১৫-১৬ চনৰ তথ্য পৰিসংখ্যা হাতপুথি, ২০১৭, আৰু জলসিঞ্চন বিভাগৰ পৰা পোৱাৰ বিপৰীতে ২০২৪-২৫ চনৰ পৰিসংখ্যা বিভাগৰ তথ্যৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে ।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি