বৰপেটাত নিষিদ্ধ গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী... | African Swine Fever Outbreak in Barpeta District: Pigs and Pork Sale Banned Assam news - Assam Tv9

বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ! নিষিদ্ধ গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী

Published: 

16 May 2025 | 08:12 PM

আকৌ ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ । শুকুৰবাৰে বৰপেটা জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ (ASF)ৰ প্ৰাদুৰ্ভাৱৰ ফলত গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী নিষিদ্ধ কৰে প্ৰশাসনে।

1 / 5নিষিদ্ধ কৰা হৈছে গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী । আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ প্ৰাদুৰ্ভাৱৰ পাছতে এই সিদ্ধান্ত প্ৰশাসনৰ ।(Photos Credit: Getty Images)

নিষিদ্ধ কৰা হৈছে গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী । আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ প্ৰাদুৰ্ভাৱৰ পাছতে এই সিদ্ধান্ত প্ৰশাসনৰ ।(Photos Credit: Getty Images)

2 / 5

বৰপেটা জিলাত শুকুৰবাৰে আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ প্ৰাদুৰ্ভাৱৰ ফলত গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে । সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ গহিয়া গাঁৱত দেখা গৈছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ।(Photos Credit: Getty Images)

3 / 5

সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ জিলা দণ্ডাধীশ দিগন্ত বৈশ্যই অসম মহামাৰী ৰোগ আইন, ২০২৩ৰ ১৬ নং ধাৰাত গাহৰি, গাহৰিৰ পোৱালি, গাহৰিৰ মাংস আৰু আনুষংগিক সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰি এক অধিসূচনা জাৰি কৰিছে ।(Photos Credit: Getty Images)

4 / 5

ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে জিলাখনৰ ভিতৰত আৰু বাহিৰত গাহৰিৰ পৰিবহণত বাধা আৰোপ কৰা হৈছে বুলিও জানিব পৰা গৈছে। মুকলি পথাৰ, নদী বা অন্যান্য উন্মুক্ত স্থানত গাহৰিৰ মৃতদেহ পেলোৱাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি অধিসূচনাত উল্লেখ কৰা হৈছে।(Photos Credit: Getty Images)

5 / 5

পশু চিকিৎসা বা জিলা বিষয়াৰ পৰা গাহৰিৰ মৃত্যু বা এ এছ এফৰ লক্ষণৰ সৈতে জড়িত তথ্য গোপনে ৰখাটো শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হ’ব বুলিও কোৱা হৈছে। ইয়াৰ উপৰিও আক্ৰান্ত অঞ্চলৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চাৰিজন বা তাতকৈ অধিক লোকক একত্ৰিত হোৱাত বাধা আৰোপ কৰা হৈছে।(Photos Credit: Getty Images)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...