ADRE result: কেতিয়া ঘোষণা হ'ব তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ? মুখ্যমন্ত্ৰীয়ে ক'লে... | Adre result date 7h march announced by himanta biswa sarma Assam news - Assam Tv9

ADRE result: কেতিয়া ঘোষণা হ’ব তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ? মুখ্যমন্ত্ৰীয়ে ক’লে…

Published: 

03 Mar 2025 | 11:54 AM

ADRE result date: অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ দিন। দেওবাৰে ফেচবুক লাইভযোগে এই ঘোষণা কৰে শৰ্মাই।

1 / 5অৱশেষত ঘোষণা হল ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ দিন।  দেওবাৰে ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চলিত মাৰ্চ মাহতেই ঘোষণা হব ADRE ৰ ফলাফল।

অৱশেষত ঘোষণা হল ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ দিন। দেওবাৰে ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চলিত মাৰ্চ মাহতেই ঘোষণা হব ADRE ৰ ফলাফল।

2 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, বহুপ্ৰতীক্ষিত ADRE ফলাফল ৭মাৰ্চত ঘোষণা কৰা কৰা হ’ব। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব।

3 / 5

উল্লেখ্য যে, ২০২৪ চনৰ ছেপ্টেম্বৰ- অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। এইবাৰ তৃতীয়-চতুর্থ বৰ্গৰ মুঠ পদৰ সংখ্যা আছিল ১২,৬০০ টা। ইয়াৰ বিপৰীতে ৩২ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।

4 / 5

পৰীক্ষাৰ বাবে সমগ্ৰ ৰাজ্যত প্ৰায় ২৩০৫ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰোপৰি এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা পৰিচালনা কৰিছে ছেবাই। পৰীক্ষাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই ইন্টাৰনেট সেৱা কৰ্তন কৰাকে ধৰি বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছিল।

5 / 5

কিন্তু তাৰ পাছতো পৰীক্ষাৰ সময়ত বহু বিসংগতিয়ে দেখা দিছিল। যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই বিশেষ আইন অনাৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি