তুমি তুমি হৈ ৰোৱা, মই মই হৈয়ে থাকিম... অদিতি ৰাও হায়দৰী-সিদ্ধাৰ্থই শ্বেয়াৰ কৰিলে প্ৰি-ৱেডিঙৰ সুন্দৰ ফটো | Aditi rao hydari siddharth share unseen pre wedding shoot in rajasthan Assam news - Assam Tv9

তুমি তুমি হৈ ৰোৱা, মই মই হৈয়ে থাকিম… অদিতি ৰাও হায়দৰী-সিদ্ধাৰ্থই শ্বেয়াৰ কৰিলে প্ৰি-ৱেডিঙৰ সুন্দৰ ফটো

Updated On: 

30 Nov 2024 | 06:03 PM

এই বছৰৰ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থ । কেইদিনমান আগতে, তেওঁলোক দুয়ো ৰাজস্থানৰ আলিলা ফৰ্টত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল। যাৰ ফটো তেওঁলোকে অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিছিল। শেহতীয়াকৈ, অদিতি আৰু সিদ্ধাৰ্থই তেওঁলোকৰ প্ৰি-ৱেডিঙৰ ফটো শ্বেয়াৰ কৰিছে। য'ত দুয়োকে যথেষ্ট ধুনীয়া দেখা গৈছে।

1 / 5প্ৰি-ৱেডিং ফটোশ্বুটৰ  সময়ত, অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থ দুয়োকে পৰম্পৰাগত পোছাকত দেখা গৈছে।  দুয়োজনে কেপচনত ইজনে সিজনৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছে।

প্ৰি-ৱেডিং ফটোশ্বুটৰ সময়ত, অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থ দুয়োকে পৰম্পৰাগত পোছাকত দেখা গৈছে। দুয়োজনে কেপচনত ইজনে সিজনৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছে।

2 / 5

ফটোত অদিতিয়ে ক'লা-বগা আৰু সোণালী ৰঙৰ চাৰাৰা পিন্ধি আছে। আনহাতে সিদ্ধাৰ্থই ক'লা ৰঙৰ কুৰ্তা পিন্ধিছে। দুয়োকে এই চিম্পল লুকটোত অতিকৈ সুন্দৰ দেখা গৈছে।

3 / 5

প্ৰি-ৱেডিং ফটোত তেওঁলোক দুয়োজনে ইজনে সিজনৰ চকুলৈ মৰমেৰে চাই প'জ দিছে। ছেপ্টেম্বৰত, দম্পতীয়ে হায়দৰাবাদৰ এটা ৪০০বছৰ পুৰণি মন্দিৰত অতি সাধাৰণভাৱে বিবাহ পাশত আৱদ্ধ হয়।

4 / 5

ফটো শ্বেয়াৰ কৰি অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থই কেপচনত লিখিছে "তুমি তুমি হৈ ৰোৱা, মই মই হৈ থাকিম, মোৰ হাত ধৰা, আগলৈ কি হয় সকলো দেখা যাব, অদু-সিদ্ধু।"

5 / 5

এই ফটোবোৰ পাহাৰৰ মাজত তোলা পৰিলক্ষিত হৈছে। যিবোৰ দেখিবলৈ বৰ ধুনীয়া লাগিছে। কমেণ্টৰ জৰিয়তে অনুৰাগীসকলেও তেওঁলোকৰ প্ৰি-ৱেডিঙৰ ফটোবোৰত মৰম যাঁচিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...