দুৰ্ঘটনাত পতিত বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী, তীব্রবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত | Actor Ashish Vidyarthi and his wife Rupali Baruah were injured in a road accident Assam news - Assam Tv9

দুৰ্ঘটনাত পতিত বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী, তীব্রবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

Published: 

03 Jan 2026 13:51 PM

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে। বৰ্তমান তেওঁলোকৰ অৱস্থা কেনে সেই বিষয়ে জানো আহক...

1 / 5গুৱাহাটীৰ জু-ৰোডত দুৰ্ঘটনাত পতিত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। নিশা জু-ৰোডত পত্নী ৰূপালীৰ সৈতে খোজকাঢ়ি গৈ থাকোতে তীব্ৰবেগী বাইকে খুন্দিয়াই।

গুৱাহাটীৰ জু-ৰোডত দুৰ্ঘটনাত পতিত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। নিশা জু-ৰোডত পত্নী ৰূপালীৰ সৈতে খোজকাঢ়ি গৈ থাকোতে তীব্ৰবেগী বাইকে খুন্দিয়াই।

2 / 5

শুকুৰবাৰে নিশা মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দিছপুৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS 01 DY 5061 নম্বৰৰ এভেঞ্জাৰ বাইক খনে তীব্ৰবেগেৰে আহি খুন্দা মাৰে।

3 / 5

সম্প্ৰতি এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিশিষ্ট অভিনেতাগৰাকীৰ লগতে পত্নী ৰূপালী বৰুৱা। দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বাইক চালক জনো।

4 / 5

ভৰি আৰু মূৰত আঘাতপ্ৰাপ্ত হৈ হাস্পাতালত ভৰ্তি পত্নীসহ অভিনেতাগৰাকী। লগে লগে ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহী জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালতলৈ প্ৰেৰণ কৰে।

5 / 5

উল্লেখ্য যে অভিনেতাজনে দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ শুনি ভাগি পৰিছে অনুৰাগীসকল। সকলোৱে দুয়োৱে সোনকালে সুস্থ হোৱাৰ কামনা কৰিছে।

অধিক কণীয়েও কৰে ক্ষতি, কণী বেছিকৈ খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা
বমি বমি লাগিছে? এই তিনিটা ঘৰুৱা খাদ্যেই দিব তৎক্ষণাত সকাহ
পুৱা খালী পেটত চাহ খায় নেকি? সাৱধান! সন্মুখীন হ’ব পাৰে ভাবিব নোৱাৰা সমস্যাৰ
ডাকঘৰে দিছে লাখপতি হোৱাৰ সুযোগ ! এই আঁচনিত দৈনিক ৩৩৩ টকা বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ
দেৱাল লেখন অভিযানত মুখ্যমন্ত্ৰী
সমষ্টিত দমকল পুতিলে সাংসদ ৰকিবুল হুচেইনে...
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিনে ন্যায় নাপায়ঃ ৰকিবুল
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা