বান-গৰাখহনীয়াত প্ৰভাৱিত সকললৈ কিমান টকা আগবঢ়ালে আল্লু অৰ্জুন? | actor allu arjun donation to waynad landslide victim Assam news - Assam Tv9

বান-গৰাখহনীয়াত প্ৰভাৱিত সকললৈ কিমান টকা আগবঢ়ালে আল্লু অৰ্জুন?

Published: 

04 Aug 2024 | 04:11 PM

বান, গৰাখহনীয়াৰ বাবে বায়নাড জুৰুলা হৈ পৰিছে। এতিয়ালৈকে শ শ মানুহৰ মৃত্যু হোৱাৰ লগতে বহু নিৰুদ্দেশ হৈ আছে। ঘৰ দুৱাৰ, দলং, ৰাস্তা ঘাট, গাঁও আদি সকলো জাহ গৈছে নৈৰ বুকুত।

1 / 5কেৰালাৰ বায়না়ডত হোৱা ভূমিস্খলনত এতিয়ালৈকে ৩৩৪ জনলোকৰ মৃত্যু হোৱাৰ উপৰি বহু লোক নিৰুদ্দেশ হৈ আছে। প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বায়নাডৰ কেইবাখনো গাঁও নদীৰ পানীত উটি গৈছে।

কেৰালাৰ বায়না়ডত হোৱা ভূমিস্খলনত এতিয়ালৈকে ৩৩৪ জনলোকৰ মৃত্যু হোৱাৰ উপৰি বহু লোক নিৰুদ্দেশ হৈ আছে। প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বায়নাডৰ কেইবাখনো গাঁও নদীৰ পানীত উটি গৈছে।

2 / 5

বায়নাডত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে। দলং, ঘৰ, যান- বাহন, জীৱ- জন্তু আদি সকলো উটি গৈছে। কেন্দ্ৰীয় চৰকাৰে মৃতসকলৰ পৰিয়ালক ২ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে।

3 / 5

এই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি গভীৰ দুখ প্ৰকাশ কৰে অভিনেতা আল্লু অৰ্জুনে। এই বিষয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰে আৰু কেৰালাত মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ ২৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে।

4 / 5

যোৱা ৬ দিন ধৰি ৱায়ানাদৰ মুণ্ডাক্কাই আৰু চুৰমালাত সাহায্য আৰু উদ্ধাৰৰ কাম অবিৰতভাৱে চলি আছে। ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাও হৈছে। ভাৰতীয় সেনা, এন ডি আৰ এফৰ উপৰিও স্থানীয় জৰুৰীকালীন সঁহাৰি বিভাগৰ লোকো অহৰহ উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। এতিয়াও বোকা, ধ্বংসাৱশেৰ মাজত তলত পোত খাই আছে মানুহ।

5 / 5

এই সময়ত কেন্দ্ৰীয় চৰকাৰে বায়নাডৰ জনতাক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে। ৰাজ্য চৰকাৰেও সকলো ধৰণৰ চেষ্টা চলাই আছে। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ লগতে কেইবাগৰাকী সাংসদে বায়নাড ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে।

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ