SRৰ বিসংগতিক লৈ আমছুৰ প্ৰতিবাদ, সংখ্যালঘুক হাৰাশাস্তি কৰাৰ অভিযোগ... | AAMSU stages protest against Special Revision Bongaigaon Assam Assam news - Assam Tv9

SRৰ বিসংগতিক লৈ আমছুৰ প্ৰতিবাদ, সংখ্যালঘুক হাৰাশাস্তি কৰাৰ অভিযোগ…

Updated On: 

21 Jan 2026 | 03:03 PM

বঙাইগাঁৱৰ পাগলাস্থানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইনৰ উপস্থিতিত বঙাইগাঁও জিলা আমছুৰ উদ্যোগত অনুষ্ঠিত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।

1 / 5বঙাইগাঁৱত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী । ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি আমছু কৰ্মীয়ে হাতে হাতে পোষ্টাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।

বঙাইগাঁৱত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী । ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি আমছু কৰ্মীয়ে হাতে হাতে পোষ্টাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।

2 / 5

বঙাইগাঁৱৰ পাগলাস্থানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইনৰ উপস্থিতিত বঙাইগাঁও জিলা আমছুৰ উদ্যোগত অনুষ্ঠিত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।

3 / 5

SRৰ জৰিয়তে সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ। Special Revision(SR)প্ৰক্ৰিয়াত চলি থকা ষড়যন্ত্ৰ, বিসংগতি, অনিয়ম তথা আইন বহিৰ্ভূত কাৰ্যকলাপ আদিৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আমছু। ৰাজ্যজুৰি প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ।

4 / 5

আমছু কৰ্মীয়ে বিভিন্ন প্লেকাৰ্ড হাতত লৈ বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে । আমছুৰ সভাপতিৰ হুংকাৰ যদি সংখ্যালঘু ৰাইজৰ ওপৰত হাৰাশাস্তি বন্ধ কৰা নহয় তেনেহলে ৰজাঘৰীয়ালৈ আন্দোলন লৈ যোৱা হ'ব।

5 / 5

সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইনে কয়, "বিজেপি চৰকাৰ গণতন্ত্ৰক হত্যাৰ বাবে উঠিপৰি লাগিছে। জীৱিত মানুহত মৃত ৰূপ দিছে। অচিনাক্ত মানুহ নাম সন্নিবিষ্ট কৰা হৈছে। তাৰ বাবে এই প্ৰতিবাদ কৰিছো।"

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...