চিকিৎসালয়ৰ ICUত এখন বিবাহ, পিতৃৰ মৃতদেহৰ লগত ঘৰলৈ আহিল নতুন বোৱাৰী | A young man goes viral on social media after getting married in hospital's ICU Assam news - Assam Tv9

চিকিৎসালয়ৰ ICUত এখন বিবাহ, পিতৃৰ মৃতদেহৰ লগত ঘৰলৈ আহিল নতুন বোৱাৰী

Updated On: 

29 Oct 2024 17:18 PM

পিতৃ-মাতৃৰ বাবে সকলো কৰিব পাৰে এজন সন্তানে। এইবাৰ বহু দিনৰ পৰা জটিল ৰোগত আক্ৰান্ত পিতৃৰ শেষ ইচ্ছা পূৰণ কৰি চৰ্চালৈ আহিছে পুত্ৰ। চিনেমাৰ দৰে লগা কাহিনী যদিও এয়াই সত্য। জানক সবিশেষ...

1 / 5চিকিৎসালয়ৰ ICUত এখন বিবাহ। চিনেমাৰ দৰে লগা কাহিনী যদিও এয়াই সত্য।

চিকিৎসালয়ৰ ICUত এখন বিবাহ। চিনেমাৰ দৰে লগা কাহিনী যদিও এয়াই সত্য।

2 / 5

চিকিৎসালয়ৰ ICUত জটিল ৰোগত আক্ৰান্ত পিতৃৰ শেষ ইচ্ছা পূৰণ কৰি ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ পৰিচালক তথা কণ্ঠশিল্পী পি জে প্ৰিন্সে পিন্ধালে সেন্দুৰ। প্ৰথমতে চিকিৎসালয় কৰ্তৃপক্ষই এইদৰে বিবাহ পাতিবলৈ অনুমতি দিয়া নাছিল যদিও পিছলৈ পৰিস্থিতি দেখি বাধ্য হৈ পৰে।

3 / 5

পুত্ৰ-বোৱাৰীক আশীৰ্বাদ দি চকু মুদিলে পিতৃ মৃগেন পাঠকে। পিতৃৰ মৃতদেহৰ লগত ঘৰলৈ আহিল নতুন বোৱাৰী। এতিয়া সমগ্ৰ অসমত চৰ্চা এই বিবাহৰ।

4 / 5

সৰ্থেবাৰী অঞ্চলৰ ঘোষা নামৰ এগৰাকী বিখ্যাত পাঠক তথা সৰ্থেবাৰী পাঁচখেল গঞাগয়ৰহৰ বৰ পাঠক হিচাপে ৯ বছৰ একেৰাহে বৰ পাঠকৰ আসন শুৱণি কৰিছিল প্ৰয়াত মৃগেন পাঠকে।

5 / 5

তেওঁ ওজা কঁহাৰ তথা ৰূপৰ বঁটা তৈয়াৰ কৰা কাঁহ শিল্পী। অসম চৰকাৰৰ পৰা তিনিবাৰকৈ এক কালীন আৰ্থিক অনুদান লাভ কৰিছিল প্ৰয়াত মৃগেন পাঠকে। কিন্তু জীৱনৰ অন্তিম সময়ত তেওঁৰ শেষৰটো ইচ্ছা পূৰণ কৰি চৰ্চা লাভ কৰিছে পুত্ৰ পি জে প্ৰিন্সে।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব