৩ দিন ধৰি বাগিচাৰ নলাত আৱদ্ধ এটি কণমানি হাতী পোৱালী, তাৰ পিছত... | A young Elephant rescued after falling into drain Digboi Bagapani tea estate Assam Assam news - Assam Tv9

৩ দিন ধৰি বাগিচাৰ নলাত আৱদ্ধ এটি কণমানি হাতী পোৱালী, তাৰ পিছত…

Updated On: 

17 Sep 2025 15:54 PM

তিনিদিন ধৰি নলাৰ বোকা আৱদ্ধ এটি কণমানি হাতী পোৱালী। কোনেও লক্ষ্য কৰা নাছিল হাতী পোৱালীটো। অৱশেষত প্ৰায় তিনিদিনৰ অন্তত নলাত আৱদ্ধ হাতী পোৱালীটো প্ৰত্যক্ষ কৰে চাহপাত চিঙিবলৈ অহা শ্ৰমিকে।

1 / 5এটা বিশেষ দৃশ্য। যিটো চালে হয়তো আপোনাৰো চকু পানী ওলাব। তিনিদিন ধৰি নলাৰ বোকা আৱদ্ধ এটি কণমানি হাতী পোৱালী।

এটা বিশেষ দৃশ্য। যিটো চালে হয়তো আপোনাৰো চকু পানী ওলাব। তিনিদিন ধৰি নলাৰ বোকা আৱদ্ধ এটি কণমানি হাতী পোৱালী।

2 / 5

কোনেও লক্ষ্য কৰা নাছিল হাতী পোৱালীটো। অৱশেষত প্ৰায় তিনিদিনৰ অন্তত নলাত আৱদ্ধ হাতী পোৱালীটো প্ৰত্যক্ষ কৰে চাহপাত চিঙিবলৈ অহা শ্ৰমিকে।

3 / 5

তাৰ পিছত শ্ৰমিকজনে এই কথা ডিগবৈ বন বিভাগক অৱগত কৰে। ডিগবৈ বগাপানী চাহ বাগিচাৰ চেকশ্যন ৪ত বাগানৰ নলাত আৱদ্ধ হৈ পৰিছিল প্ৰায় দুমহীয়া হাতী পোৱালীটো ।

4 / 5

ডিগবৈ বন সংমণ্ডলৰ নাজিৰাটিং বীট অফিচৰ অন্তৰ্গত বগাপানী চাহ বাগিচাৰ সীমাত আৱদ্ধ হৈ পৰে হাতী পোৱালিটো। খবৰ পোৱা পিছত ডিগবৈ বন বিভাগৰ বিষয়া, বনকৰ্মী, বন্যপ্ৰেমী ফাৰুক আলী, দেৱজিত মৰাণ, চাহ বাগিচাৰ কৰ্মচাৰী সহযোগত হাতী পোৱালীটো উদ্ধাৰ কৰা হয়।

5 / 5

তিনিচুকীয়াৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ পশু চিকিৎসক ডাঃ মেহেদী হাছানৰ দ্বাৰা হাতী পোৱালিটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। ইতিমধ্যে উদ্ধাৰ কৰা পোৱালীটো জাকৰ পৰা বিচ্ছেদ হৈ বোকাত আৱদ্ধ হৈ পৰা বুলি সন্দেহ কৰা হৈছে।

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...