৩ দিন ধৰি বাগিচাৰ নলাত আৱদ্ধ এটি কণমানি হাতী পোৱালী, তাৰ পিছত... | A young Elephant rescued after falling into drain Digboi Bagapani tea estate Assam Assam news - Assam Tv9

৩ দিন ধৰি বাগিচাৰ নলাত আৱদ্ধ এটি কণমানি হাতী পোৱালী, তাৰ পিছত…

Updated On: 

17 Sep 2025 | 03:54 PM

তিনিদিন ধৰি নলাৰ বোকা আৱদ্ধ এটি কণমানি হাতী পোৱালী। কোনেও লক্ষ্য কৰা নাছিল হাতী পোৱালীটো। অৱশেষত প্ৰায় তিনিদিনৰ অন্তত নলাত আৱদ্ধ হাতী পোৱালীটো প্ৰত্যক্ষ কৰে চাহপাত চিঙিবলৈ অহা শ্ৰমিকে।

1 / 5এটা বিশেষ দৃশ্য। যিটো চালে হয়তো আপোনাৰো চকু পানী ওলাব। তিনিদিন ধৰি নলাৰ বোকা আৱদ্ধ এটি কণমানি হাতী পোৱালী।

এটা বিশেষ দৃশ্য। যিটো চালে হয়তো আপোনাৰো চকু পানী ওলাব। তিনিদিন ধৰি নলাৰ বোকা আৱদ্ধ এটি কণমানি হাতী পোৱালী।

2 / 5

কোনেও লক্ষ্য কৰা নাছিল হাতী পোৱালীটো। অৱশেষত প্ৰায় তিনিদিনৰ অন্তত নলাত আৱদ্ধ হাতী পোৱালীটো প্ৰত্যক্ষ কৰে চাহপাত চিঙিবলৈ অহা শ্ৰমিকে।

3 / 5

তাৰ পিছত শ্ৰমিকজনে এই কথা ডিগবৈ বন বিভাগক অৱগত কৰে। ডিগবৈ বগাপানী চাহ বাগিচাৰ চেকশ্যন ৪ত বাগানৰ নলাত আৱদ্ধ হৈ পৰিছিল প্ৰায় দুমহীয়া হাতী পোৱালীটো ।

4 / 5

ডিগবৈ বন সংমণ্ডলৰ নাজিৰাটিং বীট অফিচৰ অন্তৰ্গত বগাপানী চাহ বাগিচাৰ সীমাত আৱদ্ধ হৈ পৰে হাতী পোৱালিটো। খবৰ পোৱা পিছত ডিগবৈ বন বিভাগৰ বিষয়া, বনকৰ্মী, বন্যপ্ৰেমী ফাৰুক আলী, দেৱজিত মৰাণ, চাহ বাগিচাৰ কৰ্মচাৰী সহযোগত হাতী পোৱালীটো উদ্ধাৰ কৰা হয়।

5 / 5

তিনিচুকীয়াৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ পশু চিকিৎসক ডাঃ মেহেদী হাছানৰ দ্বাৰা হাতী পোৱালিটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। ইতিমধ্যে উদ্ধাৰ কৰা পোৱালীটো জাকৰ পৰা বিচ্ছেদ হৈ বোকাত আৱদ্ধ হৈ পৰা বুলি সন্দেহ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...