Yoga for Mental Health: এই ৫ যোগাসনে বৃদ্ধি কৰিব স্মৃতিশক্তি, দিব মানসিক শান্তি – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Yoga for Mental Health: এই ৫ যোগাসনে বৃদ্ধি কৰিব স্মৃতিশক্তি, দিব মানসিক শান্তি

Updated On: 

26 Jun 2024 | 07:26 PM

যোগাসন আমাৰ শৰীৰৰ বাবে অত্যন্ত আৱশ্যক। ই আমাক মানসিক শান্তি দিয়াৰ লগতে শৰীৰো উন্নত কৰে। কিছুমান যোগাসন আছে যিয়ে আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে মানসিক শান্তিও আনে।

1 / 5যোগাসন আমাৰ শৰীৰ আৰু মানসিক দিশটোৰ বাবে বহু প্ৰয়োজনী। যোগাই স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মানসিক শান্তি লাভতো সদায় কৰে। প্ৰতিদিনে যোগা কৰাতো শৰীৰ আৰু মন দুয়োটাৰ বাবে ভাল।

যোগাসন আমাৰ শৰীৰ আৰু মানসিক দিশটোৰ বাবে বহু প্ৰয়োজনী। যোগাই স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মানসিক শান্তি লাভতো সদায় কৰে। প্ৰতিদিনে যোগা কৰাতো শৰীৰ আৰু মন দুয়োটাৰ বাবে ভাল।

2 / 5

পদ্মাসনঃ এই যোগ আসনটো কৰিবলৈ প্ৰথমে পোনে পোনে বহি তাৰ পিছত বাওঁ ভৰিখন সোঁ ভৰিৰ ওপৰত ৰাখি নিতম্বৰ ফালে টানিব লাগে। এতিয়া আঁঠুৰ ওপৰত হাত থৈ তাৰ পিছত চকু দুটা মুদি দীঘলীয়া উশাহ লওক। এই সময়ত আঁঠুৰ ওপৰত হাতৰ তলুৱা ওপৰলৈ ৰাখিব লাগে।

3 / 5

ধনুৰাসনঃ এই যোগ কৰিবলৈ প্ৰথমে পেটৰ ওপৰত শুৱক। তাৰ পাছত হাত দুখনেৰে ভৰি দুখন টানি আনিব লাগে।মূৰটো ওপৰলৈ কৰি লাহে লাহে উশাহ লওক আৰু উশাহ এৰি দিয়ক। এই আসনত ভৰি আৰু হাত যিমান পাৰি ওপৰলৈ ওপৰলৈ তুলি লওক। এই আসন কৰিলে আপোনাৰ শৰীৰ আৰু মন দুয়োটা শান্ত হৈ পৰে।

4 / 5

চক্ৰাসনঃ এই আসন কৰিবলৈ প্ৰথমে পিঠিত শুই তাৰ পিছত ভৰি আৰু হাত বেঁকা কৰি ওপৰলৈ উঠিব লাগে। তাৰপাছত লাহে লাহে উশাহ লওক আৰু এৰি দিয়ক। ই মনক শান্ত কৰাৰ লগতে একাগ্ৰতা বৃদ্ধিৰ কাম কৰে।

5 / 5

প্ৰণায়মঃ এই আসন কৰাৰ ফলত আপোনাৰ স্মৃতি শক্তি বৃদ্ধি হ'ব পাৰে।ই চিন্তা- চৰ্চা উন্নত কৰাৰ লগতে মানসিক শান্তি আনে। ইয়াৰ বাহিৰেও পচ্চিমোত্তনাসন, বালাসন, শিৰ্ষাসন, বৃক্ষাসন আদি যোগ আসনৰ জৰিয়তে মানসিক শান্তি লাভ কৰিব পাৰি। এই আসনবোৰ কৰিলে আত্মবিশ্বাসো পোৱা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...