জীৱনৰ ৫১তম বৰ্ষত ক্ৰিকেটৰ ভগৱানঃ চাও আহক শচীনৰ কেৰিয়াৰৰ কেইটামান বিশেষ মুহূৰ্ত Assam news - Assam Tv9

Sachin Tendulkar: জীৱনৰ ৫১তম বৰ্ষত ক্ৰিকেটৰ ভগৱানঃ চাও আহক শচীনৰ কেৰিয়াৰৰ কেইটামান বিশেষ মুহূৰ্ত

Updated On: 

24 Apr 2024 21:17 PM

আজি জীৱনৰ ৫১ তম বৰ্ষত ভৰি দিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। প্ৰায় দুই দশকযোৰা বৰ্ণিল কেৰিয়াৰত ক্ৰিকেট বিশ্বৰ অবিসম্বাদী সম্ৰাটগৰাকীয়ে গঢ়িলে অলেখ অভিলেখ। নিজা কেৰিয়াৰত গঢ়ি তুলিলে ৰাণৰ পাহাৰ। ভাৰতীয় ক্ৰিকেটক নিজ কান্ধত তুলি কঢ়িয়াই লৈ গ’ল সফলতাৰ শিখৰলৈ।   

1 / 5১৯৮৯ চনত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ ১৬ বছৰ বয়সত ভাৰতৰ হৈ টেষ্ট অভিষেক ঘটায় শচীন তেণ্ডুলকাৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

১৯৮৯ চনত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ ১৬ বছৰ বয়সত ভাৰতৰ হৈ টেষ্ট অভিষেক ঘটায় শচীন তেণ্ডুলকাৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

2 / 5

২০১০ চনত গোৱালিয়ৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিশতক সম্পূৰ্ণ কৰি শচীনে এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ন-ইতিহাস ৰচনা কৰে।

3 / 5

২০১১ চনত জন্মভূমি মুম্বাইত ক্ৰিকেট বিশ্বকাপ জয়ৰ স্বৰ্ণিল স্বপ্ন পূৰণ হয় ক্ৰিকেটৰ ভগৱানৰ।

4 / 5

২০১২ চনত এছিয়া কাপত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জনেৰে কেৰিয়াৰত শতকৰ শতক সম্পূৰ্ণ কৰে শচীনে।

5 / 5

২০১৩ চনত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত স্বৰ্ণিল কেৰিয়াৰৰ অৱসান ঘটাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায় কিংবদন্তী তাৰকাগৰাকীয়ে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension