ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ'ল ৩০টাৰো অধিক বাসগৃহ | 30 Houses Reduced to Ashes in Massive Fire at Dibrugarh assam Assam news - Assam Tv9

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ’ল ৩০টাৰো অধিক বাসগৃহ

trishna-kalita
Updated On: 

23 Oct 2024 21:06 PM

ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ ধুবিপট্টিত বিধ্বংসী অগ্নিকাণ্ড।এটা অট্টালিকাৰ ভিতৰত জুই লগাত হাহাকাৰ পৰিৱেশ। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

1 / 5 ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। জজ স্কুলৰ সমীপৰ ধুবিপট্টিত জুই৷

ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। জজ স্কুলৰ সমীপৰ ধুবিপট্টিত জুই৷

Twitter
2 / 5অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ বাসগৃহত।  এই অগ্নিকাণ্ডত  ক্ষতিগ্ৰস্ত হৈছে ৩০টাৰো অধিক গৃহ।

অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ বাসগৃহত। এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে ৩০টাৰো অধিক গৃহ।

Twitter
3 / 5তেওঁৰ নিজা ঘৰৰ লগতে ভাড়ালৈ দিয়া ৩০টা গৃহ জুইত জাহ গৈছে। জানিব পৰা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হৈছে এই ঘটনা।

তেওঁৰ নিজা ঘৰৰ লগতে ভাড়ালৈ দিয়া ৩০টা গৃহ জুইত জাহ গৈছে। জানিব পৰা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হৈছে এই ঘটনা।

4 / 5

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ঘটনাস্থলীলৈ যোৱা পথ ঠেক হোৱাৰ বাবেই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমাব পৰা নাছিল।

5 / 5

যাৰ ফলত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে। পাছত স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...
বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ হয় নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...