RCB vs CSK: আই পি এলৰ টিকট ক্ৰয় কৰাৰ আগতে পঢ়ক এই খবৰ, হেৰুৱাব পাৰে লাখ টকা… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

RCB vs CSK: আই পি এলৰ টিকট ক্ৰয় কৰাৰ আগতে পঢ়ক এই খবৰ, হেৰুৱাব পাৰে লাখ টকা…

Published: 

17 May 2024 13:03 PM

এতিয়া আইপিএলৰ বতৰ। ক্ৰিকেট অনুৰাগীয়ে প্ৰিয় দলটোৰ খেল চাবলৈ সকলো ধৰণৰ প্ৰসায়েই কৰে। কিন্তু তাৰ মাজতেই কেতিয়াবা কিছুমান অনাকাংশিত ঘটনা সংঘটিত হয়।

1 / 5ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ'বলগীয়া মেচৰ আগতে এজন অনুৰাগীৰ লগত এক আচৰিত ঘটনা সংঘটিত হয়।  আৰচিবি আৰু চেন্নাইৰ খেলৰ বাবে এজন অনুৰাগীৰ ৩ লাখ টকা লোকচান হয়।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ'বলগীয়া মেচৰ আগতে এজন অনুৰাগীৰ লগত এক আচৰিত ঘটনা সংঘটিত হয়। আৰচিবি আৰু চেন্নাইৰ খেলৰ বাবে এজন অনুৰাগীৰ ৩ লাখ টকা লোকচান হয়।

2 / 5

বেংগালুৰুৰ এজন অনুৰাগীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে চেন্নাই আৰু আৰচিবিৰ টিকট ক্ৰয় কৰিছিল। ছ'চিয়েল মিডিয়াত এটা বিজ্ঞাপন চলি আছিল য’ত তেওঁলোকে এই মেচখনৰ টিকট বিক্ৰী কৰা বুলি দাবী কৰা হৈছিল। সেই অনুৰাগীয়ে ৩ খন টিকটৰ বাবে ৭৯০০ টকা দিছিল যদিও টিকট পোৱা নাছিল। ইয়াৰ পিছত তেওঁৰ একাউন্টৰ পৰা প্ৰায় ৩ লাখ টকা নোহোৱা হয়।

3 / 5

বেংগালুৰু আৰক্ষীয়ে আই পি চিৰ ৪২০ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ বেংগালুৰু আৰক্ষীয়ে সকলো অনুৰাগীক সাৱধান হ’বলৈ পৰামৰ্শ দিছে।

4 / 5

শুকুৰবাৰে আৰচিবি আৰু চেন্নাইৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। এই মেচত পৰাস্ত হোৱা দলটোৰ বাবে প্লে অফৰ পৰা বাহিৰ হ'ব পাৰে।

5 / 5

আৰ চি বি আৰু চেন্নাইৰ ছিজনৰ প্ৰথম খেলখনত চেন্নাইয়ে জয়লাভ কৰিছিল। এতিয়া লক্ষণীয় হ’ব চিন্নাস্বামীত অনুষ্ঠিত হ’বলগীয়া মেচখনত কোনে জয়লাভ কৰে? (ফটো-পিটিআই, এএফপি)

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...