বেদখলকাৰীৰ কান্দোন, কঠোৰ প্ৰশাসন: যোগীঘোপাত দ্বিতীয় দিনাও চলিল উচ্ছেদ | 2nd day Eviction Drive at Jogighopa Bongaigaon Assam see photos Assam news - Assam Tv9

হিয়া ঢাকুৰি কান্দিছে বেদখলকাৰীয়ে, এৰি নিদিয়ে প্ৰশাসনে: যোগীঘোপাত উচ্ছেদৰ দৃশ্য

Updated On: 

20 Aug 2025 14:29 PM

যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙলবাৰৰ দিনটোত দুখন এক্সেভেটৰেৰে যোগীঘোপা তিনি আলি বজাৰত উচ্ছেদ চলাই প্ৰশাসনে। উচ্ছেদ চলি থকাৰ মাজতে এগৰাকী মহিলা এক্সভেটৰৰ সন্মুখত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰে।

1 / 6আজি দ্বিতীয় দিনাও যোগীঘোপাত পূৰ্ণগতিত চলিছে উচ্ছেদ অভিযান । যোগীঘোপা বন্দৰ ভুমি বেদখল কৰা শতাধিক পৰিয়ালৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ ।

আজি দ্বিতীয় দিনাও যোগীঘোপাত পূৰ্ণগতিত চলিছে উচ্ছেদ অভিযান । যোগীঘোপা বন্দৰ ভুমি বেদখল কৰা শতাধিক পৰিয়ালৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ ।

2 / 6

ভাঙি পেলোৱা ঘৰখন দেখি হিয়া ঢাকুৰি কান্দিছে বেদখলকাৰীয়ে। পিছে থমকি ৰোৱা নাই প্ৰশাসন। এফালৰ পৰা কঠোৰভাৱে চলাই গৈছে উচ্ছেদ।

3 / 6

প্ৰশাসনৰ বুলডোজাৰে এফালৰ পৰা ভাঙি চুৰমাৰ কৰিছে শতাধিক‌ বেদখলকাৰীৰ ঘৰ । বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাননী জাৰি কৰাৰ পিছতো নিজৰ ঘৰসমুহ ভাঙি নিয়া নাছিল একাংশ পৰিয়ালে।

4 / 6

দুদিন পুৰ্বে নিৰ্ধাৰণ কৰা সময়সীমা উকলি যোৱাত মঙলবাৰৰ দিনটোত দুখন এক্সেভেটৰেৰে যোগীঘোপা তিনি আলি বজাৰত উচ্ছেদ চলাই প্ৰশাসনে। যোগীঘোপা বন্দৰ তথা ঐতিহাসিক পীৰ পাল মছজিদৰ সমীপত দখল কৰা ভুমি এৰি দিয়া নাছিল একাংশ লোকে।

5 / 6

ইয়াৰ পিছতে দ্বিতীয় দিনাও উচ্ছেদ চলিল যোগীঘোপা বন্দৰৰ বেদখলকৃত ভুমিত । আজি বঙাইগাঁও জিলাৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰ লগতে বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ উচ্ছেদ অভিযানৰ তদাৰক কৰিছে ।

6 / 6

ইফালে উচ্ছেদ চলি থকাৰ মাজতে এগৰাকী মহিলা এক্সভেটৰৰ সন্মুখত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে মহিলাগৰাকীক আঁতৰাই নি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?
পাকঘৰত ব্যৱহাৰ কৰা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ, জানক...
আপোনাৰ হাতলৈ অহা নাই নেকি আশানুৰূপ ধন? তেন্তে আজিয়েই কৰক এই কাম!
৩০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ...