৮ ছেপ্টেম্বৰত ১০০০ যুৱক-যুৱতীয়ে পৰিৱেশন কৰিব 'অসম আমাৰ ৰূপহী গুণৰো নাই শেষ' শীৰ্ষক গীত... | 1000 youth will perform the song 'Assam Amar Rupahi Gunro Nai Shesh' on 8th sept assam Assam news - Assam Tv9

৮ ছেপ্টেম্বৰত ১০০০ যুৱক-যুৱতীয়ে পৰিৱেশন কৰিব ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ শীৰ্ষক গীত…

Published: 

09 Jun 2025 17:23 PM

অহা ৮ ছেপ্টেম্বৰত দেশৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰা হ'ব। উক্ত দিনটোতে ১০০০ যুৱক-যুৱতীয়ে পৰিৱেশন কৰিব 'অসম আমাৰ ৰূপহী' গীতটো।

1 / 5সোমবাৰে, ৯ জুনত অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ অধিবেশন। এদিনীয়া এই অধিবেশনত চৰকাৰে ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰা সন্দৰ্ভত আলোচনা কৰে। এই সময়চোৱাত চৰকাৰে হাজৰিকা সন্দৰ্ভত লোৱা বিভিন্ন সিদ্ধান্তৰ বিষয়ে জনায়।

সোমবাৰে, ৯ জুনত অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ অধিবেশন। এদিনীয়া এই অধিবেশনত চৰকাৰে ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰা সন্দৰ্ভত আলোচনা কৰে। এই সময়চোৱাত চৰকাৰে হাজৰিকা সন্দৰ্ভত লোৱা বিভিন্ন সিদ্ধান্তৰ বিষয়ে জনায়।

2 / 5

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভূপেন হাজৰিকা মানৱ দৰদী। তেওঁ বিশ্বৰ হৈ কাম কৰা বুলি সকলোৱে জানে। এইগৰাকী ব্যক্তিৰ জন্মজয়ন্তী উপলক্ষে চৰকাৰে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা ৮ ছেপ্টেম্বৰৰ পৰা ১বছৰলৈ এইগৰাকী মহান ব্যক্তিৰ জন্মজয়ন্তী পালন কৰা হ'ব।

3 / 5

শৰ্মাই কয় যে, ৮ ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ ১০০ তম জন্মজয়ন্তী গুৱাহাটীৰ খানাপাৰ ফিল্ডত অনুষ্ঠিত হ’ব।উক্ত দিনটোত ১ হাজাৰ যুৱক-যুৱতীয়ে ‘অসম আমাৰ ৰূপহী গুণৰো নাই’ শেষ গীতটো পৰিৱেশন কৰিব।

4 / 5

উক্ত দিনটোত দেশৰ বিভিন্ন প্ৰান্তত স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব। লগতে ডিব্ৰুগড় বিমান বন্দৰ ড০ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। ইয়াৰোপৰি হাজৰিকাৰ নামত ৰিজাৰ্ভ বেংকৰ দ্বাৰা এটা মুদ্ৰা তৈয়াৰ কৰা হ'ব বুলিও জনায় শৰ্মাই।

5 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, ভূপেন হাজৰিকা সন্দৰ্ভত অনুৰাধা শৰ্মা পূজাৰীয়ে এখন পুথি প্ৰস্তুত কৰিছে। এই কিতাপখন দেশৰ ২৩ টা ভাষালৈ অনুবাদ কৰা হ'ব আৰু পাছত ইয়াক দেশৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ লাইব্ৰেৰীত যোগান ধৰা হ'ব।

অক্টোপাছ নে ডলফিন ! মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী কোনটো ?
পাকঘৰৰ ক্ষেত্ৰত কৰা এই সাধাৰণ ভুলসমূহ হ’ব পাৰে দৰিদ্ৰতাৰ কাৰণ, বাস্তু শাস্ত্ৰই কয় এইদৰে…
আশা কৰা ধৰণে হ্ৰাস পাব ওজন, খাদ্যৰ তালিকাত এইসমূহ পৰিৱৰ্তন কৰক
শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক ইয়াৰ কাৰণ...