World Richest Village in India: প্ৰতিজন মানুহ কোটিপতি, বিশ্বৰ আটাইতকৈ ধনী গাঁওখন ভাৰতৰ ক’ত আছে জানেনে?
বহু গাঁৱত বিদ্যুৎ, পানী, পকী পথ, ভাল স্কুল, ডাঙৰ চিকিৎসালয় আদি মৌলিক সা-সুবিধা অভাৱ দেখা যায় । কিন্তু ভাৰতৰ এখন গাঁও আছে যাৰ লগত ডাঙৰ চহৰক তুলনা কৰিব নোৱাৰে। এইখন দেশৰ আটাইতকৈ চহকী গাঁও, য’ত বিশ্বমানৰ সা-সুবিধা উপলব্ধ।

মাধপাৰ
গাঁও বুলি ক’লেই এটা সুকীয়া অনুভৱ। আজিৰ দিনত পূৰ্বৰ সেই গাঁৱৰ পৰিৱেশ লাভ কৰাটো কঠিন। নাই সেই আগৰ গাঁৱৰ পৰিৱেশ। অনুভৱ হয় যান্ত্ৰিকতাৰ কোলাহলত যেন হেৰাই গৈছে গাঁওবোৰৰ মাদকতা। কিন্তু প্ৰতিবেদনৰ আলোচনাৰ বিষয় অলপ সুকীয়া। এই বিষয় হৈছে বিশ্বৰ আটাইতকৈ ধনী গাঁওখন আছে আমাৰ ভাৰততে।
এতিয়াও বহু গাঁৱত বিদ্যুৎ, পানী, পকী পথ, ভাল স্কুল, ডাঙৰ চিকিৎসালয় আদি মৌলিক সা-সুবিধা অভাৱ দেখা যায় । কিন্তু ভাৰতৰ এখন গাঁও আছে যাৰ লগত ডাঙৰ চহৰক তুলনা কৰিব নোৱাৰে। এইখন দেশৰ আটাইতকৈ চহকী গাঁও, য’ত বিশ্বমানৰ সা-সুবিধা উপলব্ধ।
এই গাঁওখন গুজৰাট ৰাজ্যত অৱস্থিত, যাৰ নাম মাধপাৰ। এই গাঁওখন কেৱল ভাৰতৰ আটাইতকৈ চহকী গাঁও নহয়, বিশ্বৰ ভিতৰতে চহকী গাঁও। এই গাঁৱৰ মুঠ জনসংখ্যা বৰ্তমান প্ৰায় ৯২,০০০ মানে প্ৰায় এক লাখ। এই গাঁৱত ৭,৬০০ টা ঘৰ আছে। এই গাঁওখনত এটা বা দুটা নহয় ১৭ টা বেংকৰ শাখা আছে। মাধপাৰ গাঁৱৰ অৰ্থনৈতিক অৱস্থাও অতি শক্তিশালী। গাঁওখনৰ ৰাইজে এই বেংকসমূহত ৫ হাজাৰ কোটিৰো অধিক টকা জমা কৰিছে। ইমান বৃহৎ পৰিমাণৰ ধন বৃহৎ চহৰতো খুব কম পৰিমাণে বেংকত জমা হয়।
এই গাঁওখন ইমান ধনী কেনেকৈ হ’ল?
মাধপাৰৰ বহু পৰিয়ালে ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ বাবে এতিয়া বিদেশত বাস কৰে। আমেৰিকা, ব্ৰিটেইন, কানাডা, আফ্ৰিকা আৰু উপসাগৰীয় দেশসমূহত ইয়াৰ লোকসকলে সংস্থাপিত হৈছে যদিও ইয়াৰ মানুহে নিজৰ গাঁওখন পাহৰা নাই আৰু এই প্ৰবাসী ভাৰতীয়সকলে প্ৰতিমাহে পৰিয়াললৈ বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰে। এইসকল লোকেও গাঁওখনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে। গাঁৱৰ শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আৰু সামাজিক কামত যথেষ্ট সহায় কৰে। এই গাঁওখনক আধুনিক কৰি তোলাত এইসকল লোকে ডাঙৰ ভূমিকা পালন কৰিছে।
কেতিয়া গাঁওখনত বসতি স্থাপন হৈছিল?
দ্বাদশ শতিকাত মাধপাৰ গাঁৱত বসতি স্থাপন কৰা হৈছিল। অৰ্থাৎ এই গাঁওখন বসতি স্থাপন হোৱাৰ ৮০০ বছৰতকৈও অধিক সময় পাৰ হৈ গ’ল। প্ৰথমে মিষ্ট্ৰী সম্প্ৰদায় লোকে এই গাঁওখনত বাস কৰিছিল। এই সম্প্ৰদায়ে কেৱল গুজৰাটতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে বহুতো গুৰুত্বপূৰ্ণ খোদিত মন্দিৰ নিৰ্মাণ কৰিছিল। পিছলৈ এই গাঁওখনত বহু সম্প্ৰদায়ৰ লোকে বাস কৰিবলৈ ধৰে। আজি এই গাঁওখনত পাঞ্জাৱী, গুজৰাটী, বাংলা, তামিল, মাৰাঠী, কাশ্মীৰী আদি সকলো মানুহে বসবাস কৰে।
এই গাঁৱত চহৰতকৈ উন্নত সুবিধা আছে
মাধপাৰত বিদ্যালয়, মহাবিদ্যালয়, বেংক, স্বাস্থ্য কেন্দ্ৰ, বাগিচা, ৰাস্তা-ঘাট আৰু এনেধৰণৰ সা-সুবিধা আছে যিয়ে যিকোনো ডাঙৰ চহৰৰ তুলনাত কম নহয়। এই গাঁৱৰ মানুহৰ জীৱনশৈলী আৰু সা-সুবিধা চহৰতকৈ বহুত ভাল…।