ৰান্ধি থোৱা খাদ্য পুনৰাই গৰম কৰি খোৱা উচিতনে? কি হ’ব পাৰে দেহত, গৱেষণাত প্ৰকাশ এনে তথ্য

খাদ্য ৰন্ধাৰ ক্ষেত্ৰতো সময় বচাবলৈ এবাৰ ৰান্ধি থোৱা খাদ্যকে পুনৰাই গৰম কৰি খায় বহু লোকে। বাৰে বাৰে প্ৰস্তুত কৰি থকাৰ এলাহত পানীয় হওক বা খাদ্য, বহু লোকে এবাৰতে প্ৰস্তুত কৰি ফ্ৰীজত ৰাখে আৰু সেই খাদ্য ফ্ৰীজৰ পৰা উলিয়াই আনি গৰম কৰি লয়। পিছে এই অভ্যাস দেহৰ বাবে উপকাৰী হয় নে?

ৰান্ধি থোৱা খাদ্য পুনৰাই গৰম কৰি খোৱা উচিতনে? কি হ’ব পাৰে দেহত, গৱেষণাত প্ৰকাশ এনে তথ্য

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

25 Oct 2025 09:06 AM

সাম্প্ৰতিক সময়ত অধিকাংশ লোকৰে জীৱনশৈলী ব্যস্ততাপূৰ্ণ হৈ পৰিছে এনে ব্যস্ততাপূৰ্ণ জীৱনত সকলো কাম কম সময়ৰ ভিতৰতে সম্পন্ন কৰাৰ চেষ্টা কৰে সকলোৱে খাদ্য আৰু পানীয়ৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায় সেয়ে খাদ্য ৰন্ধাৰ ক্ষেত্ৰতো সময় বচাবলৈ এবাৰ ৰান্ধি থোৱা খাদ্যকে পুনৰাই গৰম কৰি খায় বহু লোকে বাৰে বাৰে প্ৰস্তুত কৰি থকাৰ এলাহত পানীয় হওক বা খাদ্য, বহু লোকে এবাৰতে প্ৰস্তুত কৰি ফ্ৰীজত ৰাখে আৰু সেই খাদ্য ফ্ৰীজৰ পৰা উলিয়াই আনি গৰম কৰি লয়

পিছে এই অভ্যাস দেহৰ বাবে উপকাৰী হয় নে? অধ্যয়নত দেখা গৈছে যে কিছুমান খাদ্য-পানীয় গৰম কৰি খালে শৰীৰত অপকাৰী প্ৰভাৱ পৰে। কিছুমান খাদ্য গৰম কৰি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বিবেচিত হয় যদিও আন কিছুমান খাদ্য গৰম কৰি খালে সমস্যা পাৰে জানো আহক এই বিষয়ে

খাদ্য আৰু পানীয়ৰ উষ্ণতাই স্বাস্থ্যৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলায়। কোনোৱে গৰম খাদ্য খোৱাটো ভাল বুলি বিশ্বাস কৰে যদি আন কোনোৱে আকৌ ঠাণ্ডা খাদ্য অধিক উপকাৰী বুলি বিশ্বাস কৰে। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে কিছুমান খাদ্য আৰু পানীয় গৰমে খালে ভাল।

গৱেষণাই কি কয়?

ব্ৰিটিছ জাৰ্নেল অৱ নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি আপোনাৰ প্ৰিয় গৰম পানীয়ই সোৱাদ বৃদ্ধি কৰাই নহয়, মানসিক স্বাস্থ্য বজাই ৰখাতো সহায় কৰে। অধ্যয়নত দেখা গৈছে যে গৰম কৰা পানীয়ই চিন্তা, মানসিক চাপ আৰু পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। চাহ, কফি বা আন যিকোনো পানীয় গৰমে গৰমে খালে যিকোনো ব্যক্তিৰ মন ভাল হব পাৰে।

গৰম বস্তুৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ?

ছান ডিয়েগো ষ্টেট ইউনিভাৰ্চিটিৰ গৱেষকসকলে খাদ্য আৰু পানীয়ৰ উষ্ণতাই মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি প্ৰকাশ কৰিছে। এই অধ্যয়নত আমেৰিকাৰ ৪০০ৰো অধিক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। এই অধ্যয়নত দেখা গৈছে যে যিসকলে অধিক ঠাণ্ডা খাদ্য খায় তেওঁলোকৰ মানসিক চাপ আৰু অনিদ্ৰা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।

ইফালে শীতকালত গৰম পানীয় সেৱন কৰাসকলৰ এনে সমস্যা কম হয়ইয়াৰ পৰা বুজা যায় যে গৰম খাদ্য আৰু পানীয়ৰ মানসিক আৰু শাৰীৰিক প্ৰভাৱ পৰে। তদুপৰি শৰীৰে ঠাণ্ডা খাদ্য হজম কৰিবলৈ অধিক কষ্ট কৰিব লগা হয়যিয়ে অধিক শক্তি খৰচ কৰে। ফলত পুষ্টিকৰ উপাদানসমূহ সঠিকভাৱে শোষণ কৰিব পৰা নাযায়

তদুপৰি বহুতো ঠাণ্ডা খাদ্য প্ৰচেছড কৰা হয় আৰু এনে খাদ্যসমূহত পুষ্টিকৰ উপাদানৰ অভাৱ। সেয়ে এই খাদ্যসমূহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। অৱশ্যে এইক্ষেত্ৰত প্ৰত্যক্ষভাৱে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়

প্ৰস্ৰাৱ কৰিলে বিষ অনুভৱ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
দাঁতৰ আলু ফুলি থাকে নেকি? ঘৰুৱা সহজ উপায়েৰে দূৰ কৰক এই সমস্যা
আহিব দৰিদ্ৰতা! বাথৰুমত ভুলতো নাৰাখিব এই বস্তু...
ভগৱানৰ দৰ্শন পোৱাৰ আটাইতকৈ সহজ উপায় কি? প্ৰেমানন্দ মহাৰাজৰ পৰা জানক...