ঘৰত লাফিং বুদ্ধৰ মূৰ্তি ৰখাটো শুভ নে অশুভ জানেনে?

25 Aug 2025

TV9 ASSAM

লাফিং বুদ্ধ বুদ্ধক সৌভাগ্য, সমৃদ্ধি আৰু আনন্দৰ প্ৰতীক হিচাপে জনা যায়। বিশ্বজুৰি লাফিং বুদ্ধ সন্দৰ্ভত এনে ধাৰণা প্ৰচলিত হৈ আহিছে।

লাফিং বুদ্ধ

ফেং ছুই বিশেষজ্ঞৰ মতে ঘৰত যদি সঠিকভাৱে লাফিং বুদ্ধ মূৰ্তি স্থাপন কৰা হয়, তেতিয়া ঘৰখনত ধন-সম্পত্তি, মানসিক শান্তি আৰু পাৰিবাৰিক সুখৰ সৃষ্টি হয়।

শুভ নে অশুভ

যদি মূৰ্তিটোক অৱহেলা কৰা হয়, মাটিত থৈ দিয়া হয়, বা ধূলিময় বা অপৰিষ্কাৰ ঠাইত ৰখা হয়, তেতিয়া কিন্তু ইয়াৰ ইতিবাচক প্ৰভাৱ হেৰাই যাব পাৰে।

কেতিয়া অশুভ

লাফিং বুদ্ধৰ মূৰ্তি প্ৰৱেশদ্বাৰৰ সন্মুখত এনেদৰে ৰাখিব লাগে যাতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰথমে দেখা যায়। এনে কৰিলে ঘৰলৈ ইতিবাচক শক্তি কঢ়িয়াই আনে।

ক'ত ৰাখিব

পৰিয়ালৰ লোক আৰু অতিথি সকলোৱে চাব পৰাকৈ ড্ৰয়িং ৰুমত যদি আপুনি লাফিং বুদ্ধ মূৰ্তি ৰাখে, তেতিয়া ই ঘৰখনত ভাল শক্তি বিয়পাই বুলি কোৱা হয়।

ড্ৰয়িং ৰূম

যদি আপুনি আপোনাৰ নিজৰ কোঠাৰ ডেস্ক বা অফিচৰ ডেস্কত লাফিং বুদ্ধৰ মূৰ্তি ৰাখে, তেতিয়া ই মানসিক চাপ কমায় আৰু কৰ্মক্ষেত্ৰত সফলতা বৃদ্ধি কৰে।

ডেস্ক বা অফিচ

এই দিশটোক ঘৰৰ ‘সমৃদ্ধি আৰু জ্ঞানৰ কোণ’ বুলি গণ্য কৰা হয়। গতিকে এই দিশত লাফিং বুদ্ধৰ মূৰ্তি স্থাপন কৰিলে ইতিবাচক শক্তি বৃদ্ধি পায়।

উত্তৰ-পূব দিশ

ফেং ছুই বিশেষজ্ঞসকলৰ মতে ধন-সম্পত্তি আৰু আৰ্থিক প্ৰগতিৰ বাবে লাফিং বুদ্ধৰ মূৰ্তি দক্ষিণ-পূব দিশত ৰখাটোও শুভ।

দক্ষিণ-পূব দিশ

পঢ়িবলৈ ক্লিক কৰক 

এনে ঘৰুৱা উপায়ে উপশম কৰিব শিশুৰ কাণৰ বিষ