আপুনিও ভুগিছে নেকি ডায়েবেটিছ ৰোগত? পুৱা কি খাব, কি নাখাব নাজানিলেই বিপদ! জানি লওক এতিয়াই
পুৱা খালি পেটত আপুনি কি খাইছে, তাৰ ওপৰতে আপোনাৰ গোটেই দিনটোৰ চুগাৰ লেভেল নিৰ্ভৰ কৰে। সেয়ে পুৱাৰ সময়ত ডায়েবেটিচ ৰোগীসকলে খাদ্যাভ্যাসৰ ওপৰত অত্যন্ত গুৰুত্ব দিব লাগে। জানো আহক এই বিষয়ে।

শীতকালত ডায়েবেটিছ ৰোগীৰ পুৱাৰ ডায়েট
বৰ্তমান সময়ত ডায়েবেটিচ বা ব্লাড চুগাৰ এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হৈ পৰিছে। বিশেষকৈ শীতকালত এই ৰোগীসকলে নিজৰ স্বাস্থ্যৰ অধিক যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে, কাৰণ এই সময়ত খোৱা-বোৱাৰ প্ৰভাৱ পোনপটীয়াকৈ ব্লাড চুগাৰৰ স্তৰত পৰে। পুৱা খালি পেটত আপুনি কি খাইছে, তাৰ ওপৰতে আপোনাৰ গোটেই দিনটোৰ চুগাৰ লেভেল নিৰ্ভৰ কৰে। সেয়ে পুৱাৰ সময়ত ডায়েবেটিচ ৰোগীসকলে খাদ্যাভ্যাসৰ ওপৰত অত্যন্ত গুৰুত্ব দিব লাগে।
ৰাতিপুৱা খালি পেটত কি খাব?
আৰ.এম.এল হাস্পতালৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰিৰ মতে, ডায়েবেটিচ ৰোগীয়ে পুৱা পাতল, পুষ্টিকৰ আৰু ফাইবাৰযুক্ত খাদ্য খোৱা উচিত। তেওঁ লগতে আন কিছুমান পৰামৰ্শও আগবঢ়াইছে। চাওঁ আহক এই পৰামৰ্শসমূহ-
কুহুমীয়া গৰম পানীঃ দিনটোৰ আৰম্ভণি কুহুমীয়া গৰম পানীৰে কৰিলে হজম শক্তি উন্নত হয়।
তিয়াই থোৱা বাদামঃ সীমিত পৰিমাণে তিয়াই থোৱা আলমণ্ড বা আখৰোট খাব পাৰে।
অংকুৰিত মাহ আৰু অ’টচঃ অংকুৰিত মাহ, অ’টচ বা দালিয়াৰ দৰে খাদ্যই ব্লাড চুগাৰ স্থিৰ কৰি ৰখাত সহায় কৰে।
আমলখিঃ ৰাতিপুৱা আমলখি বা আমলখিৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী প্ৰমাণিত হয়।
পাচলিৰ ৰস বা চালাডঃ সেউজীয়া পাচলিৰ ৰস বা পাতল চালাডে শৰীৰক প্ৰয়োজনীয় পুষ্টি যোগান ধৰে।
খালি পেটত কি নাখাব
তলত দিয়া খাদ্যবোৰে তেজত চুগাৰৰ মাত্ৰা হঠাতে বৃদ্ধি কৰিব পাৰে, সেয়েহে এইবোৰ পৰিহাৰ কৰক-
মিঠা চাহ বা কফিঃ চেনি বা গুৰ দিয়া চাহ, কফি বা পেকেটত থকা ফলৰ ৰস খালি পেটত নাখাব।
ময়দাযুক্ত খাদ্যঃ বগা ব্ৰেড, বিস্কুট, কেক বা বেছি তেলত ভজা খাদ্য চুগাৰ বৃদ্ধিৰ মূল কাৰণ হ’ব পাৰে।
অধিক মিঠা ফলঃ ৰাতিপুৱাই কল বা অতি মিঠা ফল খালি পেটত খোৱাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত ইনচুলিনৰ মাত্ৰা প্ৰভাৱিত হয়।
নিয়ন্ত্ৰণৰ বাবে আন কিছুমান পৰামৰ্শ
প্ৰতিদিনে এক নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰক।
নিয়মিতভাৱে খোজ কঢ়া বা পাতল ব্যায়াম কৰাৰ অভ্যাস কৰক।
ঔষধসমূহ সঠিক সময়ত খাব আৰু নিয়মীয়াকৈ চুগাৰ পৰীক্ষা কৰাব।
পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু মানসিক চিন্তাৰ পৰা আঁতৰি থাকক।