গৰ্ভাৱস্থাত হঠাতে কিয় BP বাঢ়ি যায়? চিকিৎসকৰ পৰা জানক প্ৰি-এক্লেম্পচিয়াৰ লক্ষণ…
গৰ্ভাৱস্থা সকলো মহিলাৰ বাবে এক বিশেষ সময়। এই সময়চোৱাত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত কিছুমানৰ বাৰে বাৰে উচ্চ ৰক্তচাপ হোৱা দেখা যায়।

গৰ্ভাৱস্থা
গৰ্ভাৱস্থা প্ৰতিগৰাকী মহিলাৰ বাবে বিশেষ। এই সময়ত শৰীৰ বহু পৰিৱৰ্তন ঘটে, যিবোৰ কেতিয়াবা বিপদৰ কাৰণ হৈ পৰিব পাৰে। গৰ্ভাৱস্থাত প্ৰায়ভাগ মহিলাৰ হঠাৎ ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায়। সকলো সময়তে এই অৱস্থা স্বাভাৱিক নহয়। কেতিয়াবা ই কোনো ডাঙৰ চিকিৎসাজনিত অৱস্থাৰ লক্ষণ হ’ব পাৰে, যাক প্ৰি-এক্লেম্পচিয়া বুলি কোৱা হয়।
আৰম্ভণিতে গৰ্ভাৱস্থাত হাই বি পি ইমান গুৰুতৰ যেন নালাগে। বহুতে ভাবে যে চিন্তাৰ বাবে এনে হৈছে। কিন্তু অবিৰতভাৱে এই সমস্যা হলে মাচৃ আৰু সন্তানৰ বাবে বিপদ হ’ব পাৰে।
গৰ্ভৱতী মহিলাৰ BP বৃদ্ধিৰ লক্ষণ
দিল্লীৰ আৰ এম এল হাস্পতালৰ মেডিচিনৰ ডাঃ সুভাষ গিৰীয়ে কয় যে বি পি বৃদ্ধি হ’লে মূৰৰ বিষ, দৃষ্টিশক্তি ম্লান হোৱা, ভৰি আৰু মুখ ফুলা আদি হ’ব পাৰে। কেতিয়াবা ই শৰীৰৰ ডাঙৰ বিকাৰৰ লক্ষণ হ’ব পাৰে। কেতিয়াবা চিকিৎসকেও প্ৰাৰম্ভিক পৰীক্ষাত ইয়াক স্বাভাৱিক বুলি গণ্য কৰে। কিন্তু যদি গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছত এনে হয় তেন্তে ইয়াক সহজভাৱে লব নালাগে। ই প্ৰি-এক্লেম্পচিয়া হ’ব পাৰে।
প্ৰি-এক্লেম্পচিয়া কি?
গৰ্ভৱতী মহিলাৰ এয়া এক চিকিৎসাজনিত অৱস্থা। এই অৱস্থাত ৰক্তচাপৰ লগতে প্ৰস্ৰাৱত প্ৰটিনৰ পৰিমাণ বৃদ্ধি পায়। অৰ্থাৎ বৃক্কই ভালদৰে কাম কৰিব নোৱাৰে। লাহে লাহে ই শিশুক অক্সিজেন আৰু পুষ্টি প্ৰদান কৰা অংগ প্লেচেণ্টাকো প্ৰভাৱিত কৰে। যদি সময়মতে ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে শিশুৰ বিকাশ বন্ধ হ’ব পাৰে। কেতিয়াবা সময়ৰ আগতেই প্ৰসৱ কৰিব লাগে বা চিজাৰ হোৱাৰ আশংকাও বৃদ্ধি পাব পাৰে।
ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত-প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ, যমজ সন্তান, যিকোনো বৃক্ক বা বি পি ৰোগ বা পৰিয়ালৰ ইতিহাস। ইয়াৰ উপৰিও মেদবহুলতা, বয়স বৃদ্ধি আৰু মানসিক চাপৰ ফলতো এয়া হ’ব পাৰে।
প্ৰতিৰোধৰ উপায়
- দৈনিক বি পি পৰীক্ষা কৰক।
- নিমখৰ পৰিমাণ কমাই দিব।
- পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
- নিজকে মানসিক চাপৰ পৰা আঁতৰাই ৰাখক।
- গৰ্ভাৱস্থাৰ প্ৰতিটো পৰ্যায়তে চিকিৎসকৰ পৰা পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।
- উচ্চ ৰক্তচাপ আওকান নকৰিব।
যদি গৰ্ভাৱস্থাত আপোনাৰ তীব্ৰ মূৰৰ বিষ, অবিৰতভাৱে বমিৰ অনুভৱ, দৃষ্টিশক্তিৰ সমস্যা হয়, তেন্তে লগে লগে চিকিৎসালয়লৈ গৈ নিজৰ পৰীক্ষা কৰাব লাগে। ইয়াৰ বিষয়ে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ টান কাপোৰ পিন্ধিলে, পকেটত মোবাইল ৰাখিলে প্ৰজনন ক্ষমতা হ্ৰাস পাই নেকি? জানক গৱেষণাৰ তথ্য…