চাহৰ লগত চানা খোৱাৰ অভ্যাস আপোনাৰো আছে নেকি? জানেনে ইয়াৰ ফলত কি ঘটে শৰীৰত?
সাধাৰণতেই চাহকাপৰ লগত কিবা এটা চোবাই খোৱাৰ এক অনন্য মাদকতা আছে। কিন্তু চাহৰ সংগী হিচাপে চানা খোৱাৰ মাদকতা আপোনাৰ দেহৰ বাবে চিন্তনীয় হৈ পৰিব পাৰে।

চাহৰ সৈতে চানা খায় নেকি?
পুৱা উঠি মুখ-হাত ধুই একাপ চাহত চুমুক দিয়াৰ অভ্যাস প্ৰায় সকলো লোকৰে থাকে। পছন্দৰ এই চাহকাপ নাখালেই যেন দেহ-মনে প্ৰশান্তি নাপায়। অৱশ্যে কেৱল পুৱা বুলিয়েই নহয়, দিনটোৰ কৰ্মব্যস্ততাৰ মাজতে চাহকাপ হৈ পৰে অৱসাদ দূৰ কৰাৰ মন্ত্ৰ। একেদৰে সন্ধিয়াৰ সময়তো চাহকাপ যেন আমাৰ দেহ-মনলৈ প্ৰাণ ঘূৰাই অনাৰ ঔষধ। পৰিয়ালৰ মাজত হোৱা কোনো গভীৰ আলোচনাৰ পৰা আৰম্ভ কৰি বন্ধু-বান্ধৱীৰ মাজৰ ৰসাল আড্ডালৈকে চাহকাপ হৈ পৰে এক প্ৰধান সংগী।
পিছে চাহৰ লগতে প্ৰায়ে আপোনাৰ চানা খোৱাৰো অভ্যাস আছে নেকি? সাধাৰণতেই চাহকাপৰ লগত কিবা এটা চোবাই খোৱাৰ এক অনন্য মাদকতা আছে। কিন্তু চাহৰ সংগী হিচাপে চানা খোৱাৰ মাদকতা আপোনাৰ দেহৰ বাবে চিন্তনীয় হৈ পৰিব পাৰে। চাহৰ সোৱাদৰ লগতে ভিন্ন স্বাদৰ চানাই জিভালৈ এক বেলেগ সোৱাদ আনে। ই চাহকাপৰ আনন্দ অধিক বৃদ্ধি কৰে।
কিন্তু এই আনন্দ আৰু সোৱাদ হিতে বিপৰীত হ’ব পাৰে। চানা সাধাৰণতে ভজা মগু দাইল, মটৰ, বাদাম, বুট, মুৰি আদিৰে তৈয়াৰ কৰা হয়। এইবোৰত কিছু পৰিমাণে কাৰ্বহাইড্ৰেট আৰু প্ৰটিন থাকে, যি শৰীৰক কম সময়ৰ বাবে শক্তি প্ৰদান কৰে। চাহৰ লগত চানাচুৰ খালে মুখত বিভিন্ন ধৰণৰ সোৱাদ আহে, যাৰ ফলত সতেজতা পোৱা যায়।
কিন্তু এনে চানাচুৰ প্ৰচুৰ তেলত ভাজি বনোৱা হয়, লগতে ইয়াত প্ৰচুৰ পৰিমাণে নিমখো থাকে। নিয়মিতভাৱে খালে ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
বজাৰত বনোৱা চানাচুৰত প্ৰায়ে নিম্নমানৰ তেল ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ তেলত ট্ৰেন্স ফেট থাকে। ই তেজত ক্ষতিকাৰক কলেষ্টেৰল (LDL) বৃদ্ধি কৰে আৰু ভাল কলেষ্টেৰল (HDL) হ্ৰাস কৰে।
চাহত টেনিন আৰু কেফেইন থাকে। এয়া অতিৰিক্তভাৱে সেৱন কৰিলে গেষ্ট্ৰিক বা এচিডিটি হ’ব পাৰে। নিমখীয়া আৰু তেলীয়া চানাচুৰৰ লগত মিহলি কৰিলে এই সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে।
ডালমুট-চানাচুৰ হৈছে উচ্চ পৰিমাণৰ কেলৰিযুক্ত খাদ্য। চাহৰ লগত নিয়মিতভাৱে খালে ওজন বৃদ্ধি পাব পাৰে।
চাহৰ লগত চানাচুৰ খোৱাটো অত্যন্ত ক্ষতিকাৰক নহয় যদিও অভ্যাসত পৰিণত হ’লে সমস্যাৰ সৃষ্টি হ’ব পাৰে। নিয়মিত খোৱাৰ পৰিৱৰ্তে মাজে মাজে কেতিয়াবা পৰিমিতভাৱে খাব পাৰি।