TV9 ASSAM
সহজ ভাষাত লং এবিধ মছলা। কিন্তু অসাধাৰণ গুণেৰে সমৃদ্ধ এই মছলাবিধ আয়ুৰ্বেদত এক উৎকৃষ্ট ঔষধ হিচাপে বিবেচিত।
লঙে আমাৰ দেহত বহু দিশত উপকাৰিতা সাধন কৰে। এই লং খালী পেটত খালে দেহৰ বহু সমস্যা দূৰ হয় বুলি বিশেষজ্ঞই কয়।
প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ লঙে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি লঙে সংক্ৰমণ নিৰাময়তো সহায় কৰে।
ভিটামিন চি সমৃদ্ধ লঙে শ্বেত ৰক্তকণিকা বৃদ্ধিত সহায় কৰে। ইয়াৰ লগতে লঙে দাঁত আৰু হাড় মজবুট কৰাত সহায় কৰে। বিষতো সকাহ দিয়ে।
কৃমিৰ সমস্যাত ভুগি থকা লোকৰ বাবে এই অভ্যাস হৈ পৰে মহৌষধ। খালী পেটত লং খালে কৃমিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
লঙে পেটত স্বাস্থ্যকৰ এনজাইম উৎপন্ন কৰে। ইয়াৰ জৰিয়তে হজম শক্তি উন্নত হয় আৰু গেছ, এচিডিটি আদিৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ পায়।
লঙে দেহ বিষমুক্ত কৰাৰ লগতে যকৃতৰ স্বাস্থ্যও উন্নত কৰে। ফেটি লিভাৰৰ সমস্যাৰ ক্ষেত্ৰতো লং সহায়ক হয় বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক
অৱসাদৰ ভাৱ দূৰ কৰিব এনে অভ্যাসে