শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাল নে বেয়া ! মদ্যপান ত্যাগ কৰাৰ পাছত শৰীৰত কি কি পৰিৱৰ্তন ঘটে?

মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি জনাৰ পাছতো একাংশ লোকে মদ্যপান কৰে বা এই অভ্যাস ত্যাগ কৰিব নোৱাৰে। কিন্তু আপুনি জানেনে মদ্যপান ত্যাগ কৰাৰ পাছত শৰীৰত কি কি পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে?

ভাল নে বেয়া ! মদ্যপান ত্যাগ কৰাৰ পাছত শৰীৰত কি কি পৰিৱৰ্তন ঘটে?
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 02 Jul 2025 15:12 PM

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰে মদ্যপান কৰাৰ অভ্যাস আছে। মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি জনাৰ পাছতো একাংশ লোকে মদ্যপান কৰে বা এই অভ্যাস ত্যাগ কৰিব নোৱাৰে। বহুলোকে বহু চেষ্টা কৰিও মদ্যপান ত্যাগ কৰিব নোৱাৰে। কিছুমানে এবাৰতে চিৰদিনৰ বাবে মদ্যপান ত্যাগ কৰে আৰু কিছুমানে আকৌ দুদিনমানৰ বাবে মদ্যপান ত্যাগ কৰি আকৌ কৰিবলৈ আৰম্ভ কৰে। কিন্তু আপুনি জানেনে মদ্যপান ত্যাগ কৰাৰ পাছত শৰীৰত কি কি পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে?

গৱেষণাত দেখা গৈছে যে, মদ্যপান ত্যাগ কৰাৰ পিছত এজন ব্যক্তিৰ জীৱন আৰু স্বাস্থ্যৰ উন্নতি হয়। মদ্যপান ত্যাগ কৰাৰ পাছত লিভাৰ সম্পৰ্কীয় জটিলতা বহু পৰিমাণে হ্ৰাস পায়। একেদৰে মদ্যপান বন্ধ কৰিলে ব্যক্তিৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পায়, উদ্বেগ কমি যায় আৰু হতাশাৰ পৰা উপশম পায় আৰু মনটো শান্ত হৈ থাকে। মানসিক স্বাস্থ্য উন্নত হয়।

মদ্যপান ত্যাগ কৰিলে শৰীৰত কি কি পৰিৱৰ্তন হয়?

কোৱা হয় যে, মদ্যপান বন্ধ কৰাৰ ১৪ দিনৰ ভিতৰত টোপনিৰ মান যথেষ্ট উন্নত হয়। একেদৰে যকৃতৰ বিভিন্ন এনজাইমৰ নিঃসৰণ পুনৰ বৃদ্ধি পায়।

মদ্যপান বন্ধ কৰাৰ এমাহৰ ভিতৰত লিভাৰত থকা চৰ্বিৰ পৰিমাণ ১৫ৰ পৰা ২০ শতাংশ হ্ৰাস পাব পাৰে বুলি বিশেষজ্ঞসকলে কয়।

যিসকল লোকৰ মদ্যপানৰ ফলত মেদবহুলতাৰ সমস্যা হৈছিল সেয়া মদ্যপান ত্যাগ কৰাৰ পাছত হ্ৰাস পাবলৈ আৰম্ভ কৰে। কোৱা হয় যে, মদ্যপান ত্যাগ কৰাৰ লগে লগে অতিৰিক্ত ওজন হ্ৰাস পাব পাৰে।

মদ্যপান ত্যাগ কৰাৰ পাছত ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হয়। একে সময়তে ব্যক্তিজনৰ কৰ্ম শক্তি বহু পৰিমাণে বৃদ্ধি পায়।

মদ্যপান ত্যাগ কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস পাবলৈ আৰম্ভ কৰে। একে সময়তে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। পেটৰ স্বাস্থ্যও উন্নত হয়।