ওজন হ্ৰাস কৰাটো এতিয়া সহজ হৈ পৰিল …ভাৰতত মুকলি হ’ল অজেম্পিক ঔষধ, ইয়াৰ দাম জানি লওক
Novo Nordiskয়ে ভাৰতত মুকলি কৰিছে Ozempic। জানোঁ আহক এই ঔষধ ওজন কমাবলৈ কেনেদৰে উপকাৰী আৰু ভাৰতত ইয়াৰ দাম।

বিগত কেইবছৰমানৰ পৰা ওজন কমাব পৰা বহু ঔষধ আৰু বেজীয়ে বিশ্বৰ বজাৰত প্ৰৱেশ কৰিছে। ইয়াৰে এটা হ’ল অজেম্পিক, যিটো বিশেষভাৱে ডায়েবেটিছৰ বাবে যদিও ওজন হ্ৰাসৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়। এতিয়া এই ঔষধ ভাৰতত উপলব্ধ হৈছে। Novo Nordiskয়ে ভাৰতত মুকলি কৰিছে Ozempic। জানোঁ আহক এই ঔষধ ওজন কমাবলৈ কেনেদৰে উপকাৰী আৰু ভাৰতত ইয়াৰ দাম।
ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটোৱেই হৈছে অজেম্পিকৰ প্ৰধান উদ্দেশ্য। ই ভোক কমায় আৰু তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। এই ঔষধত ছেমাগ্লুটাইড থাকে, যিয়ে শৰীৰত থকা CLP-1 হৰম’নৰ দৰেই কাম কৰে। এই ঔষধে এই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰি তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে আৰু ভোক কমায়। এজন ব্যক্তিয়ে কমকৈ খালে শৰীৰৰ কেলৰিও কমকৈ খোৱা হয়। ইয়াৰ এটা উল্লেখযোগ্য প্ৰভাৱ হ’ল ওজন হ্ৰাস।
ভাৰতত ইয়াৰ দাম কি হ’ব?
ভাৰতত অজেম্পিকৰ দাম ইয়াৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। সাপ্তাহিকভাৱে ০.২৫ মিলিগ্ৰামৰ মাত্ৰা ২,২০০ টকা। সাপ্তাহিকভাৱে ০.৫ মিলিগ্ৰামৰ মাত্ৰা ২,৫৪০ টকা। আৰু কোনোবাই যদি ১ মিলিগ্ৰাম ড’জ ল’ব বিচাৰে তেন্তে সাত দিনৰ দাম হ’ব ২,৮০০ টকা। এই সকলোবোৰ দাম সাপ্তাহিক মাত্ৰাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। যদি কোনো ব্যক্তিয়ে এমাহৰ পৰা ছমাহলৈকে ড’জ গ্ৰহণ কৰে তেন্তে সেই অনুসৰি দাম বৃদ্ধি পাব। এজন ব্যক্তিৰ চিকিৎসাৰ ইতিহাস আৰু মেদবহুলতা বা ডায়েবেটিছৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে এজন ব্যক্তিৰ মাত্ৰাৰ সংখ্যা। ইয়াৰ মাত্ৰা চিকিৎসকে নিৰ্ধাৰণ কৰে।
এই ঔষধ প্ৰতিজন মেদবহুল ব্যক্তিৰ বাবে উপযোগী নেকি?
দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ অজিত কুমাৰে বুজাই দিয়ে যে, ভাৰতত অজেম্পিক মুকলি কৰা হৈছে যদিও চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনেও এই ঔষধ সেৱন নকৰাটো ভাল। এই ঔষধে যে প্ৰতিজন ব্যক্তিৰ ওপৰত একে প্ৰভাৱ পেলাব সেয়া নিশ্চিত নহয়। ইয়াৰ কিছু পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে। পেটৰ গুৰুতৰ অসুখ বা তেজত চুগাৰৰ মাত্ৰা অধিক থকা লোকে এই ঔষধ সেৱন কৰিব নালাগে। চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।