খাদ্য খোৱাৰ পিছত থালিতে হাত ধোৱাটো উচিত নে? কি কয় জ্যোতিষ শাস্ত্ৰই, চাওক

অধিকাংশ লোকৰে খাদ্য খোৱাৰ পিছত থালিতে হাত ধোৱাৰ অভ্যাস আছে। বহু লোকে এনে কৰা অনুচিত বুলি মত প্ৰকাশ কৰে। পিছে জ্যোতিষ শাস্ত্ৰ মতে এই অভ্যাস শুভ নে অশুভ?

খাদ্য খোৱাৰ পিছত থালিতে হাত ধোৱাটো উচিত নে? কি কয় জ্যোতিষ শাস্ত্ৰই, চাওক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

03 Aug 2025 13:51 PM

সৰুৰে পৰা আমি শুনি আহিছো, খাদ্যক আমি সদায় সন্মান কৰিব লাগে বয়োজ্যেষ্ঠসকলে আমাক প্ৰতিনিয়ত এই উপদেশ আগবঢ়ায় খাদ্যৰ জৰিয়তে আমাৰ দেহে পুষ্টি লাভ কৰে সঠিক খাদ্যৰ অভাৱৰ ফলত যিকোনো লোক অপুষ্টিৰ বলি হৈ পৰে। কোৱা হয়, খাদ্যক অপমান কৰিলে দেৱী লক্ষ্মী অসন্তুষ্ট হয় ইয়াৰ ফলত ঘৰত আৰ্থিক সমস্যাৰ পৰা আৰম্ভ কৰি আন বহু সমস্যাই দেখা দিব পাৰে। অধিকাংশ লোকৰে খাদ্য খোৱাৰ পিছত থালিতে হাত ধোৱাৰ অভ্যাস আছে বহু লোকে এনে কৰা অনুচিত বুলি মত প্ৰকাশ কৰে

পিছে জ্যোতিষ শাস্ত্ৰ মতে এই অভ্যাস শুভ নে অশুভ? জ্যোতিষ আৰু ধৰ্মশাস্ত্ৰ মতে খাদ্য খোৱাৰ পিছত থালিত হাত ধোৱাটো অশুভ। কোৱা হয় যে খাদ্য খোৱা থালিত অন্নপূৰ্ণা দেৱী বাস কৰে। গতিকে কোনো লোকে খাদ্য খোৱাৰ পিছত যদি থালিৰ ওপৰতে হাত ধুই দিয়ে, তেতিয়া তেনে কাৰ্যৰ দ্বাৰা দেৱী অন্নপূৰ্ণাক অপমান কৰা হয়।

ইয়াৰ ফলত জীৱনত যথেষ্ট সমস্যা সহ্য কৰিবলগীয়া হ’ব পাৰে, দৰিদ্ৰতাৰ আগমন ঘটিব পাৰে, পৰিয়ালত কুশক্তি আৰু অশান্তিৰ সৃষ্টি হব পাৰে। থালিত হাত ধোৱাৰ অভ্যাসৰ প্ৰভাৱ কেৱল ইমানতে অন্ত নপৰে, খাদ্য খোৱাৰ পিছত একেখন থালিতে হাত ধুলে শনি আৰু ৰাহুৰ কু-দৃষ্টি আপোনাৰ জীৱনত শক্তিশালী হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।

এনে পৰিস্থিতিত জীৱনত বিফলতা, কৰ্মক্ষেত্ৰত বাধা আৰু মানসিক অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ দেৱী লক্ষ্মী আৰু দেৱী অন্নপূৰ্ণাও এই কাৰ্যত অসন্তুষ্ট হয়। যদি দেৱী লক্ষ্মী আৰু অন্নপূৰ্ণা ঘৰত বাস নকৰে, তেতিয়া খাদ্যৰ অভাৱ, আৰ্থিক অসুবিধা তথা ঘৰুৱা অশান্তি তীব্ৰ হৈ পৰে।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ জ্যোতিষ শাস্ত্ৰৰ ওপৰত আধাৰিত এই ক্ষেত্ৰত TV9 Assam- এ কোনো মত প্ৰকাশ কৰা নাই।

ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...
১০০ বছৰ পাছত বিৰল সংযোগ! এইবাৰ ৰাখীবন্ধনত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ...
বাৰিষা কিমান উষ্ণতাত ৰাখিব লাগে ফ্ৰীজ? সঠিককৈ নাজানে যদি এতিয়াই চাওক