গলধন আৰু মূৰৰ পিছফালৰ অংশৰ বিষ হ’ব পাৰে নেকি উচ্চ ৰক্তচাপৰ লক্ষণ! জানি লওক বিশেষজ্ঞৰ পৰা

বেছিভাগ সময়তে আমি এনে বিষ কামৰ বোজা, কম্পিউটাৰৰ সমুখত বেছি সময় বহি থকা বা টোপনিৰ অভাৱ বুলি ভাবি আওকাণ কৰোঁ। এটা সাধাৰণ বিষ বুলি ভাবি বিষনাশক ঔষধ খাই আমি সাময়িক উপশম বিচাৰো যদিও, দৰাচলতে ই শৰীৰৰ ভিতৰত গঢ় লৈ উঠা কোনো গুৰুতৰ সমস্যাৰ আগজাননীও হ’ব পাৰে।

গলধন আৰু মূৰৰ পিছফালৰ অংশৰ বিষ হ’ব পাৰে নেকি উচ্চ ৰক্তচাপৰ লক্ষণ! জানি লওক বিশেষজ্ঞৰ পৰা

প্ৰতিনিধিত্বমূলক ছবি

Published: 

29 Jan 2026 | 09:05 PM

বৰ্তমানৰ অতি ব্যস্ত জীৱনশৈলী আৰু ক্ৰমাগত মানসিক চাপৰ মাজত ডিঙি বা মূৰৰ বিষত ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বেছিভাগ সময়তে আমি ইয়াক কামৰ বোজা, কম্পিউটাৰৰ সমুখত বেছি সময় বহি থকা বা টোপনিৰ অভাৱ বুলি ভাবি আওকাণ কৰোঁ। এটা সাধাৰণ বিষ বুলি ভাবি বিষনাশক ঔষধ খাই আমি সাময়িক উপশম বিচাৰো যদিও, দৰাচলতে ই শৰীৰৰ ভিতৰত গঢ় লৈ উঠা কোনো গুৰুতৰ সমস্যাৰ আগজাননীও হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, ডিঙি আৰু মূৰৰ পিছফালে হোৱা অবিৰত বিষ কেতিয়াবা উচ্চ ৰক্তচাপ (High Blood Pressure)-ৰ এক প্ৰধান লক্ষণ। উচ্চ ৰক্তচাপক প্ৰায়ে ‘চাইলেণ্ট কিলাৰ’ বুলি কোৱা হয় কাৰণ ইয়াৰ কোনো স্পষ্ট বহিঃপ্ৰকাশ নোহোৱাকৈয়ে শৰীৰৰ ভিতৰত চৰম ক্ষতি কৰিব পাৰে।

যেতিয়া আমাৰ ধমনীৰ ভিতৰত তেজৰ চাপ স্বাভাৱিকতকৈ বৃদ্ধি পায়, তেতিয়া ই মূৰৰ পিছফালৰ স্নায়ুত প্ৰভাৱ পেলায় আৰু বিষৰ সৃষ্টি কৰে। সেয়েহে, এনে বিষক কেৱল মাংসপেশীৰ ভাগৰ বুলি ভাবি ভুল কৰিলে ই ভৱিষ্যতে হৃদৰোগ বা ষ্ট্ৰোকৰ দৰে ভয়ংকৰ বিপদ মাতি আনিব পাৰে।

হ’ব পাৰে নেকি উচ্চ ৰক্তচাপৰ লক্ষণ

আৰ.এম.এল. হাস্পতালৰ মেডিচিন বিভাগৰ সঞ্চালক প্ৰফেচৰ ড° সুভাষ গিৰিৰ মতে, ডিঙি আৰু মূৰৰ পিছফালে হোৱা বিষ কেতিয়াবা উচ্চ ৰক্তচাপৰ এক গুৰুত্বপূৰ্ণ সংকেত হ’ব পাৰে। যেতিয়া ৰক্তচাপ স্বাভাৱিকতকৈ বৃদ্ধি পায়, তেতিয়া তেজৰ নলীৰ ওপৰত অতিৰিক্ত চাপ পৰে, যাৰ ফলত মূৰ আৰু ডিঙিত বিষ অনুভৱ হয়। এই বিষ প্ৰায়ে পুৱাৰ ভাগত বা অধিক মানসিক চাপৰ সময়ত বেছিকৈ অনুভূত হয়।

উচ্চ ৰক্তচাপৰ অন্যান্য লক্ষণসমূহ

কেৱল বিষেই নহয়, উচ্চ ৰক্তচাপ হ’লে শৰীৰত আন কিছুমান লক্ষণেও দেখা দিব পাৰে। এনে কিছুমান লক্ষণ হৈছে মূৰ ঘূৰোৱা আৰু অত্যাধিক ভাগৰুৱা অনুভৱ কৰা, হৃদস্পন্দন অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা, দৃষ্টিশক্তি ঘোলা হোৱা বা চকুৰে ধোঁৱা ধোঁৱা দেখা, স্মৃতিশক্তিৰ ওপৰত প্ৰভাৱ পৰা আদি।

প্ৰতিৰোধমূলক ব্যৱস্থা

উচ্চ ৰক্তচাপৰ দৰে গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। চাওক এইবিষয়ে-

মাজে মাজে ৰক্তচাপ (BP) পৰীক্ষা কৰি থাকক।

খাদ্যত নিমখৰ পৰিমাণ কম কৰক আৰু তেল-চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰক।

মানসিক চাপ কমাবলৈ প্ৰতিদিনে যোগাসন বা ধ্যান কৰক।

শৰীৰটো সুস্থ ৰাখিবলৈ দিনটোত অন্তত ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।

ধূমপান আৰু সুৰাপানৰ পৰা সম্পূৰ্ণ আঁতৰত থাকক।

দিনটোত অন্তত ৩০ মিনিট শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰক।

নিশা এফুটা নহৰু খোৱাৰ অভ্যাসে বচাব আপোনাৰ জেপৰ ধন! কিদৰে সম্ভৱ এয়া, চাওক এতিয়াই
স্বামীক সাৱটি ধৰি শুলে জীৱনত আহিব আচৰিত প্ৰভাৱ!
যৌন জীৱনত স্বামীয়ে সুখী কৰিব পৰা নাই নেকি? নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাবলৈ দিয়ক এইবোৰ সামগ্ৰী...
শীতৰ বজাৰত উভৈনদী কমলাৰ উপকাৰী গুণো অসীম, জানিলে আচৰিত হ’ব আপুনি
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...