Kidney health : বৃক্কৰ স্বাস্থ্যৰ বাবে দৈনিক কিমান পানী খাব লাগে? বিশেষজ্ঞৰ পৰা জানি লওক
বৃক্ক সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজন। ই বৃক্কৰ পৰা বিষাক্ত পদাৰ্থ সহজে আঁতৰোৱাত সহায় কৰে। পানীয়ে প্ৰস্ৰাৱ পাতল কৰে, যাৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ, বৃক্কত পাথৰ হোৱাৰ দৰে সমস্যাৰ সম্ভাৱনা কম হয়।

বৃক্ক
বৃক্ক আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। এই অংগ কঁকালৰ তলৰ মেৰুদণ্ডৰ দুয়োফালে থাকে। বৃক্কই তেজ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত পানী প্ৰস্ৰাৱৰ ৰূপত আঁতৰাই পেলায়। কেৱল এয়াই নহয়, ই শৰীৰত থকা খনিজ পদাৰ্থ আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে। লগতে ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু লগতে ৰক্তকণিকা তৈয়াৰ কৰাত ভূমিকা পালন কৰে। যদি বৃক্কই সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত গুৰুতৰ ৰোগ হ’ব পাৰে।
বৃক্ক সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজন। ই বৃক্কৰ পৰা বিষাক্ত পদাৰ্থ সহজে আঁতৰোৱাত সহায় কৰে। পানীয়ে প্ৰস্ৰাৱ পাতল কৰে, যাৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ, বৃক্কত পাথৰ হোৱাৰ দৰে সমস্যাৰ সম্ভাৱনা কম হয়। শৰীৰে পৰ্যাপ্ত পৰিমাণে পানী নাপালে প্ৰস্ৰাৱ ডাঠ হৈ পৰে আৰু বৃক্কত অধিক চাপ পৰে। ফলত বৃক্কৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
বৃক্কৰ স্বাস্থ্যৰ বাবে দৈনিক কিমান পানী খাব লাগে?
চিকিৎসক ডাঃ হিমাংশু ভাৰ্মাই কয় যে, সাধাৰণতে এজন সুস্থ ব্যক্তিয়ে দিনটোৰ ভিতৰত ২ৰ পৰা ৩ লিটাৰ পানী খোৱাটো প্ৰয়োজনীয় বুলি বিবেচিত হয়। কিন্তু এই পৰিমাণ বয়স, ওজন, ঋতু আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ ওপৰত নিৰ্ভৰ কৰে। গ্ৰীষ্মকালত বা অত্যধিক ঘাম ওলোৱাৰ সময়ত শৰীৰত অধিক পানীৰ প্ৰয়োজন হয়। আনহাতে যিসকল লোকৰ বৃক্কৰ সমস্যা, ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ দৰে ৰোগ আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি পানী খাব লাগে।
অধিক পানী খোৱাটো কম পানী খোৱাৰ দৰেই ক্ষতিকাৰক হ’ব পাৰে। সেয়ে ভাৰসাম্য বজাই ৰাখিব লাগে। আটাইতকৈ সহজ উপায় হ’ল গোটেই দিনটো সঘনাই পানী খাব লাগে আৰু প্ৰস্ৰাৱৰ ৰঙৰ প্ৰতি গুৰুত্ব দিব লাগে। পাতল হালধীয়া বা পৰিষ্কাৰ প্ৰস্ৰাৱ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী পোৱাৰ লক্ষণ।
এইদৰে যত্ন লওক
দৈনিক ৮-১০ গিলাচ পানী খাব লাগে।
পিয়াহ অনুভৱ কৰিবলৈ অপেক্ষা নকৰিব, মাজে মাজে পানী খাব। সাধাৰণ পৰিষ্কাৰ পানী খাওক।
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এগিলাচ পানী খোৱাৰ অভ্যাস কৰক।
ব্যায়াম কৰাৰ পিছত বা ৰ’দত থকাৰ পিছত প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
বৃক্কৰ ৰোগত আক্ৰান্ত লোকে চিকিৎসকৰ পৰামৰ্শ মতে পানী খাব লাগে।
প্ৰস্ৰাৱৰ ৰঙৰ প্ৰতি গুৰুত্ব দিয়ক, যদি গাঢ় হালধীয়া দেখা যায় তেন্তে পানীৰ পৰিমাণ বৃদ্ধি কৰক।