উচ্চ ৰক্তচাপৰ ৰোগীৰ বাবে বিপদৰ বাহক এই তিনিবিধ খাদ্য, বিশেষজ্ঞৰ সকীয়নি মানি চলিলে ৰক্ষা পৰিব আপুনি
উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট এটেকৰ পৰা আৰম্ভ কৰি ষ্ট্ৰোকলৈকে সকলো ৰোগ হ’ব পাৰে। গতিকে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। এইক্ষেত্ৰত খাদ্যাভ্যাসৰ প্ৰতি বিশেষ মনোযোগৰ প্ৰয়োজন। ৰক্তচাপ বেছি হ'লে কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলে এই বিষয়ত স্পষ্ট সকীয়নি প্ৰদান কৰে।

উচ্চ ৰক্তচাপ
বৰ্তমান সময়ত ৰক্তচাপৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। কেতিয়াবা কেতিয়াবা কিছুমান কাৰকৰ প্ৰভাৱত সাময়িকভাৱে ৰক্তচাপ সামান্য বৃদ্ধি পাব পাৰে, এয়া অৱশ্যে স্বাভাৱিক। কিন্তু উচ্চ ৰক্তচাপত আক্ৰান্ত হ’লে বহু দিশত সাৱধান হোৱা প্ৰয়োজন হৈ পৰে। সাধাৰণতে খাদ্যাভ্যাসৰ অভাৱ, মানসিক চাপ, অস্বাস্থ্যকৰ জীৱনশৈলী আদি উচ্চ ৰক্তচাপ সমস্যাৰ কিছুমান মূল কাৰণ। উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট এটেকৰ পৰা আৰম্ভ কৰি ষ্ট্ৰোকলৈকে সকলো ৰোগ হ’ব পাৰে। গতিকে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।
এইক্ষেত্ৰত খাদ্যাভ্যাসৰ প্ৰতি বিশেষ মনোযোগৰ প্ৰয়োজন। ৰক্তচাপ বেছি হ’লে কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলে এই বিষয়ত স্পষ্ট সকীয়নি প্ৰদান কৰে। দিল্লী চৰকাৰৰ ৰাজীৱ গান্ধী ছুপাৰস্পেচিয়েলিটি হস্পিতালৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে এই বিষয়ে ব্যাখ্যা কৰিছে।
অধিক নিমখ থকা খাদ্য
ডাঃ জৈনে উল্লেখ কৰা মতে উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীয়ে প্ৰথমে অধিক নিমখ থকা খাদ্য পৰিহাৰ কৰিব লাগে। ৰক্তচাপ বাঢ়ি থাকিলে প্ৰতিদিনে ৪–৫ গ্ৰামতকৈ অধিক নিমখ সেৱন কৰিব নালাগে, কিন্তু অজানিতে ইয়াতকৈ বেছি নিমখ সেৱন কৰিলে বিপদৰ সন্মুখীন হ’বলগা হয়। এনে পৰিস্থিতিত যিকোনো ধৰণৰ ফাষ্ট ফুডৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ।
উচ্চ চৰ্বিযুক্ত খাদ্য
চিকিৎসকগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে উচ্চ চৰ্বি থকা যিকোনো খাদ্যই আপোনাৰ ৰক্তচাপত প্ৰভাৱ পেলাব পাৰে। গতিকে এনে খাদ্য পৰিহাৰ কৰিব লাগে। ভোক লাগিলে ফল বা দৈৰ দৰে স্বাস্থ্যকৰ জলপান গ্ৰহণ কৰিব লাগে। বাহিৰলৈ ওলাই যাওঁতে বাদাম আৰু ড্ৰাই ফ্ৰুটছ লগত লৈ যাব পাৰে।
কিন্তু কেতিয়াও বেছি তেল বা ঘিউ থকা পৰঠাৰ দৰে বস্তু নাখাব। কম চৰ্বিযুক্ত গাখীৰ খোৱাৰ চেষ্টা কৰক আৰু খাদ্যত সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফল-মূল অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। লগতে দেহে প্ৰয়োজনীয় পুষ্টিও লাভ কৰিব।
সুৰা
উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীয়ে মদ্যপানৰ অভ্যাস ততালিকে ত্যাগ কৰা উচিত। অত্যধিক মদ্যপানে ৰক্তচাপ বৃদ্ধি কৰাৰ লগতে সময়ৰ লগে লগে ওজন বৃদ্ধি কৰিব পাৰে। আপোনাৰ যকৃতৰ বাবেও মদ ক্ষতিকাৰক। গতিকে মদ পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব।