শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Happy Guru Purnima 2025: গুৰু ব্ৰহ্মা গুৰু বিষ্ণু… এইদৰে জনাওক গুৰু পূৰ্ণিমাৰ শুভেচ্ছা

Guru Purnima Wishes: শাস্ত্ৰত গুৰুক ঈশ্বৰতকৈ ডাঙৰ মৰ্যাদা দিয়া হৈছে। কাৰণ গুৰুৱে আমাক ঈশ্বৰৰ ওচৰলৈ যোৱাৰ পথ দেখুৱায়। সেয়ে আমি আমাৰ গুৰুসকলক সদায় সন্মান কৰা উচিত।

Happy Guru Purnima 2025: গুৰু ব্ৰহ্মা গুৰু বিষ্ণু… এইদৰে জনাওক গুৰু পূৰ্ণিমাৰ শুভেচ্ছা
গুৰু পূৰ্ণিমাৰ শুভেচ্ছাImage Credit source: ThinkNeo/DigitalVision Vectors/Getty Images
trishna-kalita
Trishna Kalita | Updated On: 09 Jul 2025 21:32 PM

প্ৰতি বছৰে আহাৰ মাহৰ পূৰ্ণিমাৰ তিথিত গুৰু পূৰ্ণিমা পালন হয়। এই দিনটোতে বেদব্যাসৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। বেদব্যাসে প্ৰথমে চাৰি বেদৰ জ্ঞান মানৱ জাতিক প্ৰদান কৰিছিল। সেয়েহে তেওঁক প্ৰথম গুৰু বুলি গণ্য কৰা হয় আৰু তেওঁৰ জন্ম তাৰিখক ব্যাস পূৰ্ণিমা আৰু গুৰু পূৰ্ণিমা বুলি কোৱা হয়। এইবাৰ গুৰু পূৰ্ণিমা ১০ জুলাই  বৃহস্পতিবাৰে পালন কৰা হ’ব। ১০ জুলাইৰ মাজনিশা  ১:৩৬ বজাৰ পৰা পূৰ্ণিমা তিথি আৰম্ভ হ’ব। ১১ জুলাইৰ নিশা ২.০৬ বজাত বজালৈ থাকিব। যাৰ বাবে ১০ জুলাইত গুৰু পূৰ্ণিমা পালন কৰা হ’ব।

শাস্ত্ৰত গুৰুক ঈশ্বৰতকৈ ডাঙৰ মৰ্যাদা দিয়া হৈছে। কাৰণ গুৰুৱে আমাক ঈশ্বৰৰ ওচৰলৈ যোৱাৰ পথ দেখুৱায়। সেয়ে আমি আমাৰ গুৰুসকলক সদায় সন্মান কৰা উচিত। ইয়াৰ বাহিৰেও আমাৰ পিতৃ-মাতৃ, ভাই-ভনী বা যিকোনো ব্যক্তি যিয়ে আমাক সদায় সঠিক পথত আগবাঢ়িবলৈ সহায় কৰি আহিছে, তেওঁলোক সকলোৱে আমাৰ বাবে সন্মানীয় আৰু গুৰুৰ দৰে। যদি আপুনি আপোনাৰ গুৰুসকলৰ পৰা আঁতৰত আছে তেন্তে গুৰু পূৰ্ণিমাৰ দিনা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ গুৰু আৰু সন্মানীয় লোকসকলৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা প্ৰকাশ কৰিব পাৰে।

গুৰু পূৰ্ণিমাৰ শুভেচ্ছা বাৰ্তা

  1.  গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰমব্ৰহ্ম, তস্মৈ শ্ৰীগুৰুৱে নমঃ ৷৷ গুৰু পূৰ্ণিমাৰ অলেখ শুভেচ্ছা
  2. “গুৰুৱেই শক্তি, গুৰুৱেই ভক্তি, গুৰু বিনে নাই গতি”, গুৰু পূৰ্ণিমাৰ শুভেচ্ছা
  3.  গুৰুৱে আমাক উচিত-অনুচিত শিকাই, সঁচা-মিছা দেখাই, নুবুজা কথা বুজায়,জীৱন যাত্ৰাৰ পথ সহজ কৰি তোলে… গুৰু পূৰ্ণিমাৰ শুভেচ্ছা!
  4. আপুনি আমাক আখৰ শিকাই, প্ৰতিটো শব্দৰ অৰ্থ কয়, কেতিয়াবা মৰমেৰে, কেতিয়াবা খঙেৰে, কেনেকৈ জীয়াই থাকিব লাগে শিকাই… গুৰু পূৰ্ণিমাৰ শুভেচ্ছা থাকিল!
  5.  সমাজৰ প্ৰত্যাশা, জ্ঞানৰ তপস্বী, নমস্য বুদ্ধিদীপ্ত ব্যক্তিত্ব হৈছে আমাৰ গুৰুসকল। গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জনালো।
  6.  জীৱনৰ ভেটি সুদৃঢ় কৰি আলোকৰ বাট বুলিবলৈ শিকোৱা প্ৰতিগৰাকী গুৰুৰ ওচৰত আমি আজীৱন ঋণী হৈ থাকিম। গুৰু পূৰ্ণিমাৰ শুভেচ্ছা!
  7.  গুৰু পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত সমাজখনক প্ৰেৰণা দিয়া তথা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আমাৰ গুৰুসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ৷
  8.  গুৰু, আপোনাৰ দয়াৰ প্ৰতিদান কেনেকৈ দিম? ধনতকৈ আপোনাৰ মূল্য লাখগুণ বেছি.. গুৰু অমূল্য… গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা!
  9.  গুৰু, যিয়ে প্ৰতি সময়তে আমাৰ জীৱনৰ বাট দেখুৱাই, সঠিক পথৰ সন্ধান দিয়ে। গুৰু পূৰ্ণিমাৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী গুৰুলৈ আন্তৰিক শুভেচ্ছা জনালো ।
  10. গুৰুৰ মহিমা অপাৰ, তেওঁ অজ্ঞানতা দূৰ কৰে। জ্ঞানৰ দীপ জ্বলাই সকলোকে আলোকিত কৰে। গুৰু পূৰ্ণিমাৰ শুভেচ্ছা জনালো!

লগতে পঢ়ক: কেতিয়া আৰু কিয় পালন কৰা হয় গুৰু পূৰ্ণিমা? এই দিনটোৰ মহত্ব, শুভ সময়, তাৰিখ সকলো জানক